newsnextone.com | চাবুৱাঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে এখন চিঠি যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক ছাত্ৰ নেতাগৰাকীয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে একপ্ৰকাৰ ছচিয়েল মিডিয়া যোগে উভতি ধৰে৷ সংগঠনটোৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ আঞ্চলিক সমিতি খনৰ নেতাগৰাকীয়ে নিজ গাঁৱৰ পথৰ দুৰৱস্থাৰ ফটো ফেচবুকত আপলোড কৰি তীৰ্যক সমালোচনা কৰে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কক৷
56