newsnextone.com | চাবুৱাঃ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিয়ে এখন চিঠি যোগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাক ছাত্ৰ নেতাগৰাকীয়ে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবে একপ্ৰকাৰ ছচিয়েল মিডিয়া যোগে উভতি ধৰে৷ সংগঠনটোৰ মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ আঞ্চলিক সমিতি খনৰ নেতাগৰাকীয়ে নিজ গাঁৱৰ পথৰ দুৰৱস্থাৰ ফটো ফেচবুকত আপলোড কৰি তীৰ্যক সমালোচনা কৰে মুখ্যমন্ত্ৰী আৰু স্থানীয় বিধায়কক৷

নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পালন কৰিবলৈ দাবী জনাই নিৰ্বাচনৰ পিছত মুখ্যমন্ত্ৰী আৰু বিধায়কে চাবুৱাৰ পানীএৰা গাঁৱলৈ যোৱা নাই বুলি প্ৰকাশ কৰে৷ বিধায়ক বিনোদ হাজৰিকাই নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত গাঁৱলৈ আহিছিল যদিও নিৰ্বাচন পাৰ হোৱাৰ পিছত আজিলৈ অহা নাই বুলি অভিযোগ উত্থাপন কৰে৷    

অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ সম্পাদক কল্পজিৎ দাসে ফেচবুকত দিয়া আপডেটত কয় ‘‘মাননীয় মুখ্যমন্ত্ৰীৰ গৃহস্থান চাবুৱাৰ এখন গাঁৱৰ দৃশ্য এয়া৷ নাম পানীএৰা গাঁও। মুখ্যমন্ত্ৰীৰ ঘৰৰ পৰা ২-৩ কিঃ মিঃ মাত্র। ইয়াতে যদি এই দশা অসমৰ বাকী বোৰ জিলা-অঞ্চলৰ কি হৈছে সকলোৱে মনত ধাৰণা আহি গৈছে। আমাৰ চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকা দেৱে নিৰ্বাচনৰ প্ৰচাৰ চলোৱাৰ সময়ত ৰাস্তাটো পকী কৰাৰ যি কথা দিছিল সেয়া তেখেতে ৰাখিব নোৱাৰিলে৷ ৰখাৰ চেষ্টাও নকৰিলে। মই গাঁৱৰ লৰা হয় সেয়ে চিধা চিধি কৈছোঁ৷ নিৰ্বাচনৰ আগত ডাঙৰ ডাঙৰ বক্তব্য ৰাখিবলৈ নাহিলেও হ’ব ইমান টকা পইচা খৰচ কৰি। এই বোকা পানীৰ খবৰ লবলৈ আহক৷ আপোনাৰ কোটি টকীয়া গাড়ীখনত বোকা অলপ লাগিলে মই ধুই চাফা কৰি দিম৷ যদি আপুনি ৰাইজৰ প্ৰতিনিধি ৰাইজৰ মাজলৈ আহক৷ এচি ৰুমত বহি থাকিবলে নিৰ্বাচন কৰা নাই আপোনাক৷’’

এই পোষ্টটোত বহু লোকে কমেণ্ট কৰা দেখা যায়৷ আনহাতে বহু লোকে চেয়াৰ কৰি চৰকাৰক সমালোচনাও কৰে৷