গোৰেশ্বৰঃ বাগসা জিলাৰ গোৰেশ্বৰত যোৱা ২১ মাৰ্চত গোৰেশ্বৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ অন্তৰ্গত বিভিন্ন বিদ্যালয়ৰ মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা সা সামগ্রীৰ লগতে বিভিন্ন আইৰণ যুক্ত টেবলেটসমূহ বিতৰণ নকৰি ১৪২ নং গোৰেশ্বৰ নিম্ন বুনিয়াদী বিদ্যালয়ত উদ্ধাৰ হয়।
বিগত তিনি বছৰ ধৰি ম্যাদ উকলা ঔষধৰ লগতে অনেক সামগ্রী বিতৰণ নকৰি শ্ৰেণীকোঠা এটিৰ ভিতৰত ৰাখি থোৱাৰ গোপন খবৰৰ ভিত্তিত যুৱ-ছাত্র পৰিষদৰ গোৰেশ্বৰ আঞ্চলিক সমিতিৰ এটা সজাতি দলে উক্ত সামগ্ৰীসমূহ উদ্ধাৰ কৰে।