newsnextone.com | ডিব্ৰুগড়ঃ আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন অবিহনে অসমৰ থলুৱা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা নহয় বুলি মত পোষণ কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে। সোমবাৰে এক বিবৃতি যোগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি পুতুল দত্ত আৰু সম্পাদক পলাশ চাংমায়ে এক বিবৃতি যোগে অসমত শীঘ্ৰে আন্তঃৰাজ্যিক পাৰ পত্ৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিবলৈ দাবী জনায়।
বিবৃতি যোগে সংগঠনটোৱে কয় যে অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ ব্যৱস্থা প্ৰৱৰ্তন অবিহনে থলুৱা খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষা নহয় ৷ দীৰ্ঘ আন্দোলনৰ পিছতো অসমত আন্তঃৰাজ্যিক পাৰপত্ৰ প্ৰৱৰ্তন নকৰাত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ ব্যক্ত কৰি যাৰ বাবে অসমীয়া জাতি আজি অস্তিত্বৰ সংকটত বুলি কয়।