জাগুনঃ কোনাবা চিকিৎসালয়ত যদি চিকিৎসক নাই কোনোবা চিকিৎসালয়ত ৰোগীয়ে চিকিৎসকৰ বাবে বোন্দা পৰি দি ৰৈ থাকিব লগা হৈছে৷ ৰাজ্যৰ স্বাস্থ্য বিভাগত এতিয়া অৰাজক পৰিস্থিতিয়ে বিৰাজ কৰিছে৷ বিশেষকৈ গ্ৰাম্য অঞ্চলৰ চিকিৎসালয়ত এতিয়া চিকিৎসক নাৰ্ছৰ অভাৱত ৰোগীয়ে হাহাকাৰ কৰিব লগা হৈঠে৷ ৰাজ্যৰ গ্ৰাম্য অঞ্চলৰ চিকিৎসা ব্যৱস্থা অৰাজক পৰিস্থিতিৰ মাজেৰে অতিবাহিত হৈছে৷ কিন্তু ৰাজ্যৰ শাসকীয় বিজেপি দলৰ মন্ত্ৰী-বিধায়কে নিৰ্বাচনত শক্তি প্ৰদৰ্শন কৰাত ব্যস্ত হৈ পৰিছে৷
চুবুৰীয়া ৰাজ্যত চৰকাৰ গঠনৰ অংকত ব্যস্ত থকা বিজেপি চৰকাৰৰ মন্ত্ৰী-বিধায়কে অসমৰ স্বাস্থ্য বিভাগ কোনফালে গতি কৰিছে সেই কথাৰ খবৰ লবলৈ আহৰি নাই৷ খোদ অসমৰ স্বাস্থ্য মন্ত্ৰী ব্যস্ত ত্ৰিপুৰা, নগালেণ্ড আৰু মেঘালয়ত জোৰা তাপলি মাৰি চৰকাৰ গঠন কৰাত৷ ৰাজ্যৰ জনসাধৰণৰ কি কৈছে সেই খবৰ লবলৈ পাহৰি পেলাইছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷