74
দুলীয়াজানঃ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে আজি অইল ইণ্ডিয়াৰ দুলীয়াজানস্থিত মুখ্য কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে।
কেইবাশতাধিক নেতা-কৰ্মীয়ে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পেট্ৰলিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পুত্তলিকা দাহ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে৷