61
গোগামুখঃ ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে প্ৰতিবাদ সাব্যস্ত কৰে৷
গোগামুখক নগৰ হিচাপে ঘোষণা কৰা, দৈনিক বজাৰৰ আধৰুৱা গৃহৰ নিৰ্মাণ সম্পূৰ্ণ কৰা, বাট-পথ মেৰামতি কৰা, ঘাইপথৰ দাঁতিৰ অবৈধ বেদখল উচ্ছেদ কৰা, প্ৰশাসনে ইতিমধ্যে কৰা উচ্ছেদ কাৰ্য্যৰ ভগ্নাৱশেষ পৰিস্কাৰ কৰাৰ দাবীত সংগঠনটোৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্য্যসূচী ৰূপায়ণ কৰে৷