newsnextone.com | লিডুঃ তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালত ৰাজ্যত কাঠফুলাৰ দৰে স্থাপন কৰা হৈছিল শিক্ষা প্ৰতিষ্ঠান৷ সেইবোৰৰ বেছিভাগতেই এতিয়া গৰু-ছাগলী থকা ঘৰ আৰু মদপীৰ আড্ডাস্থল হৈ পৰিছে৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চমক সৃষ্টিৰ বাবে এনে অনুষ্ঠান স্থাপন কৰি এতিয়া গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন শিক্ষা মন্ত্ৰীগৰাকীয়েই তৰুণ গগৈৰ কাৰ্যকালৰ পৰা সিদিনালৈ একেৰাহে ১৭ বছৰে শিক্ষা বিভাগৰ দায়িত্বত থাকি ৰাজ্যত স্থাপন কৰা উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠান সমূহক পাঠদান আৰম্ভ কৰাটো দূৰৰ কথা অধ্যাপক নিযুক্তি নিদিয়াৰ লগতে নামভৰ্তি আজিলৈ কৰিব নোৱাৰিলে৷
আনহাতে বিজেপি চৰকাৰে তৰুণ গগৈৰ কাৰ্যকালত স্থাপন কৰা অনুষ্ঠানসমূহক গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে৷ তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চৰকাৰৰ দ্বিতীয় আৰু তৃতীয় কাৰ্যকালত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু শিক্ষানুষ্ঠান গঢ় দিছিল৷ সেই শিক্ষানুষ্ঠানসমূহ চূণ-তেল সানি ভৱন সমূহ সম্পূৰ্ণ কৰি থোৱা আছে যদিও বৰ্তমান এৰাবাৰীত পৰিণত হোৱা দেখা গৈছে৷