56
মাৰ্ঘেৰিটাঃ শুকুৰবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ বছৰ বছৰ ধৰি মাৰ্ঘেৰিটা সমষ্টি পিছ পৰি থকাৰ অভিযোগ উত্থাপন কৰি বিভিন্ন সমস্যা সমাধানৰ দাবী জনায়৷
বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা কৰা, ৰাস্তা-ঘাট মেৰামতি কৰা, বান-গৰাখহনীয়াৰ সমস্যাৰ স্থায়ী সমাধান কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটা আঞ্চলিক সমিতিয়ে বিক্ষোভ প্ৰদৰ্শন কৰে৷