মাৰ্ঘেৰিটাঃ তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ জাগুনত বুধবাৰে ক্ষোভিত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷ দীৰ্ঘদিন ধৰি ৰাইজে সমষ্টিটোৰ বাট-পথ সমূহ মেৰামতি, নৈৰ খনন বন্ধ কৰাৰ দাবী উত্থাপন কৰি আহিছে যদিও স্থানীয় বিধায়কে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত ৰাইজ ৰাজ পথলৈ ওলাই আহে৷
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ টিৰাপ-জাগুন আঞ্চলিক সমিতিৰ উদ্যোগত ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ সমষ্টিটোৰ অন্যতম ব্যস্ত জাগুন-নামচিক গড়কাপ্তনি পথ মেৰামতি নকৰাৰ ফলত ডাঙৰ ডাঙৰ গা’ত আৰু পূৰ্বৰ পকীবোৰ এৰি গৈ গাড়ী-মটৰ চলাবৰ উপায় নোহোৱা হৈছে৷