গুৱাহাটীঃ অসমীয়া জাতিক অস্বিত্বৰ সংকটত পেলাই বিজেপি নেতৃত্বৰ কেন্দ্ৰ ৰাজ্য চৰকাৰে অসমত ধৰ্মৰ ভিত্তিত হিন্দু বাংলাদেশীক সংস্থাপন কৰিব বিচৰা কাণ্ডৰ বিৰুদ্ধে যোৱা দুটা বছৰে গণ আন্দোলন অব্যাহত আছে৷ তাৰ মাজতে অসমৰ এটা সংগঠনে হিন্দু বাংলাদেশী সংস্থাপনৰ চৰকাৰৰ প্ৰচেষ্টাক সমৰ্থন কৰা বুলি প্ৰচাৰ হোৱা খবৰে ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ 

অসমত বাংলাদেশৰ হিন্দু শৰাণাৰ্থী সংস্থাপনৰ সমৰ্থন কৰা অসম সত্ৰ মহা সভাৰ সভাপতি আৰু প্ৰধান সম্পাদকৰ বিৰুদ্ধে ৰাজ্যজুৰি ক্ষোভিত হৈ পৰিছে ৰাইজ। কেন্দ্ৰীয় আৰু ৰাজ্যৰ চৰকাৰে অসমত হিন্দু-বাংলাদেশী সংস্থাপন কৰিবৰ বাবে আকোৰগোজ হৈ পৰাত সোচ্চাৰ হৈ পৰিছে অসম জাতীয়য়তাবাদী যুৱ-ছাত্র পৰিষদ৷ 

সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিয়ে সোমবাৰে অৰ্থাৎ ২৩ এপ্ৰলিত ডিব্ৰুগড়ত কেইবা সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত কৰিব হিন্দু-বাংলাদেশী সংস্থাপনৰ বিৰুদ্ধে গণ অৱস্থান ধৰ্মঘট কাৰ্যসূচী৷ সংগঠনটোৰ ডিব্ৰুগড় জিলাৰ কাৰ্যালয়ৰ সমীপত ৰূপায়ণ কৰিব লগীয়া কাৰ্যসূচীত সৰ্বপ্ৰকাৰৰ লোকৰ উপস্থিতি কামনা কৰিছে৷

ডিব্ৰুগড় জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰিয়ব্ৰত গোহাঁই কয় যে অসমত হিন্দু-বাংলাদেশী সংস্থাপন সপক্ষে যিসকলে লোকে সমৰ্থন দিছে তেওঁলোকে ধিক্কাৰৰ পাত্ৰ৷ লবী কেন্দ্ৰীক ৰাজনীতি কৰাৰ বাবে সত্র মহাসভাক কঠোৰ সমালোচনা কৰি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালক জাতীয় নায়কৰ সন্মান পৰিহাৰ কৰাৰ দাবী জনাই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ পৰিষদৰ ডিব্ৰগড় জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতিগৰাকীয়ে ৷