ডিফু/চৰাইদেউঃ বিগত কিছুদিন ধৰি এক বিশেষ পৰিস্থিতিত বিহু সন্মিলনীৰ মঞ্চত হিন্দী গীত গাবলৈ দিয়া-নিদিয়াক কেন্দ্ৰ কৰি উদ্ভৱ হোৱা বিতৰ্ক সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷ এক বিবৃতিত পৰিষদৰ সভাপতি বিৰাজ কুমাৰ তালুকদাৰ আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে, সাত বিহুৰ দিনকেইটাতো কোনো শিল্পী বা গায়কে অসমীয়া আৰু জনগোষ্ঠীয় ভাষাৰ গীতৰ মাজত আৱদ্ধ থাকিব নোৱাৰাটো দুৰ্ভাগ্যজনক।
“অসমৰ শিল্পীসকলে বিগত সময়ত অসমৰ উপৰিও বিভিন্ন ভাষাত হাজাৰ হাজাৰ গীত গাই অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন চহকী কৰি আহিছে ৷ সৈনিক শিল্পী বিষ্ণু ৰাভা, জ্যোতি প্ৰসাদ আগৰৱালা, ভূপেন হাজৰিকা, লুইত কোৱঁৰ ৰুদ্ৰ বৰুৱাকে ধৰি বিভিন্ন স্বনামধন্য শিল্পীয়ে সমৃদ্ধ কৰি যোৱা এইখন অসমত কিন্ত সাতবিহুৰ দিনকেইটাতো কোনো শিল্পী বা গায়কে অসমীয়া আৰু জনগোষ্ঠীয় ভাষাৰ গীতৰ মাজত আৱদ্ধ থাকিব নোৱাৰাটো দূৰ্ভাগ্যজনক আৰু ইয়াৰ প্ৰতিক্ৰিয়া স্বাভাবিকতে হ’বই”।-এইদৰে কয় নেতাদ্বয়ে।