চৰাইদেউঃ সশস্ত্ৰ নগা বিদ্ৰোহী সংগঠন এনএছচিএন আৰু ভাৰত চৰকাৰৰ মাজত বিগত ২০১৫ চনত স্বাক্ষৰিত প্ৰাৰম্ভিক চুক্তি সন্দৰ্ভত আজি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পুনৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
বিগত দুদিন ধৰি হেব্ৰণত অনুষ্ঠিত সভাত ইমান দিনে লুকাই ৰখা প্ৰাৰম্ভিক চুক্তিখনৰ কিছু কথা প্ৰকাশিত হোৱাৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিৰাজ তালুকদাৰ আৰু পলাশ চাংমাইয়ে কয় যে পৰিষদে প্ৰতিটো জাতিসত্বাৰ আত্ম-নিয়ন্ত্ৰণৰ সংগ্ৰামক সমৰ্থন কৰে।