চৰাইদেউঃ ৰাজ্য চৰকাৰৰ শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত আগন্তুক চাৰি বছৰত প্ৰতিষ্ঠা হ’বলগীয়া সকলোবোৰ মহাবিদ্যালয় দীনদয়াল উপাধ্যায়ৰ নামত নামাকৰণ কৰিব বুলি ঘোষণা কৰা কাৰ্যক তীব্ৰ ধিক্কাৰ জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি দীপক হাজৰিকা আৰু সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে কয় যে শিক্ষা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেৱল মাত্ৰ RSS আৰু বিজেপিৰ শীৰ্ষ নেতৃত্বক তৈলমৰ্দন আৰু তুষ্টিকৰণৰ জৰিয়তে ভৱিষ্যতে নিজৰ উচ্চাকাংক্ষা পূৰণৰ বাবেই এনে ঘোষণা কৰিছে।