newsnextone.com | নলবাৰীঃ মিত্ৰজোঁটৰ চৰকাৰে ৰাইজক দিয়া প্ৰতিশ্ৰুতি পালনত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে৷ আজিও বাট-পথ, বিশুদ্ধ খোৱাপানী, শিক্ষা, স্বাস্থ্য আদিৰ ক্ষেত্ৰত ৰাইজৰ অভাৱ দূৰ কৰিব পৰা নাই৷ আনহাতে ৰাজ্যৰ মুখ্যমন্ত্ৰী, মন্ত্ৰী-বিধায়কে শূন্য সহনশীলতাৰ কথা কৈ দুৰ্নীতি ৰোধ কৰাৰ কথা কয় যদিও ৰাজ্য চৰকাৰ খনক ভয় নকৰে ঠিকাদাৰ, অভিযন্তাই৷ 

চৰকাৰে দুৰ্নীতি নিৰ্মূল কৰাৰ বাবে শূন্য সহনশীলতা নীতি অৱলম্বন কৰিলেও চৰকাৰক প্ৰত্যাহ্বান জনাই একাংশ দুৰ্নীতি গ্ৰস্ত বিষয়া-কৰ্মচাৰী, ঠিকাদাৰে নিতৌ সংঘটিত কৰি গৈছে দুৰ্নীতি৷ চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰী, অভিযন্তা, ঠিকাদাৰে বিভিন্ন চৰকাৰী কাৰ্যালয়ত ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ 

এইবাৰ দুৰ্নীতি কৰিবৰ বাবে প্ৰমাণ পত্ৰ দিয়া বুলি খোদ বিজেপিৰ নেতাৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে৷ জানিব পৰা মতে, পুৱ নলবাৰী উন্নয়ন খণ্ডৰ অধীনত থকা বাহঁজানীৰ জানিগোগ গাঁৱৰ পথ এটা এম জি এন ৰেগা আঁচনিৰ অধিনত নিৰ্মাণ হৈ আছে এটা পথ৷ এই পথটোৰ নিৰ্মাণৰ দায়িত্ব লৈছিল বিজেপি নেতা মন্টু কলিতাই ৷ 

পথটো নিৰ্মাণ হৈ থকাৰ সময়তে ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ৰাইজে ইতিমধ্যেই উপায়ুক্তৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰিছে যদিও গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হয়। যাৰ ফলত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ বাঁহজানী আঞ্চলিক সমিতিয়ে দুৰ্নীতিৰ তদন্তৰ দাবী কৰি পুনৰ নলবাৰী জিলাৰ উপায়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷ তদন্ত নকৰিলে সংগঠনটোৱে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷