হোজাইঃ আজমল আৰু হিমন্ত বিশ্ব শৰ্মা দুয়ো ভাল বন্ধু৷ বিগত বিধানসভা নিৰ্বাচনত আজমলে নৰেন্দ্ৰ মোদীৰ লগত ব্যৱসায়ীক চুক্তি কৰি অসমৰ সংখ্যালঘু ভোটখিনি বিভাজন কৰাৰ বাবেই বিজেপিয়ে চৰকাৰ গঠন কৰিব পাৰিলে৷যাৰ বাবে আজিৰ বিজেপি চৰকাৰখনে হিন্দু বাংলাদেশী আনি অসমখনক এখন হিন্দু ৰাষ্ট্ৰ বনাৱ খুজিছে৷এই মন্তব্য কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা তথা গণ মুক্তি সংগ্ৰাম সমিতিৰ আহ্বায়ক অখিল গগৈৰ৷

আজি নীলবাগানত কৃষক মুক্তিৰ যমুনামুখ সমষ্টি কমিটিৰ উদ্যোগত বিজেপি চৰকাৰৰ উচ্ছেদ নীতি,সাম্প্ৰদায়িকতা তথা হিন্দু বাংলাদেশীক অসমত সংস্থাপন দিয়াৰ বিৰুদ্ধে অনুষ্টিত ৰাইজমেলখনত উপস্থিত থাকি ভাষন প্ৰসংগত এই মন্তব্য কৰি অখিল গগৈয়ে কয় যে হিন্দু বাংলাদেশী নাগৰিকক অসমত সংস্থাপন কৰি অসমখনক এখন হিন্দু ৰাষ্ট্ৰ কৰিব বিচাৰিছে বিজেপি চৰকাৰখনে৷ এই নাগৰিকত্ব বিধেয়কখনক তেওঁ বাংলাদেশীৰ নিমন্ত্ৰণী পত্ৰ বুলি উল্লেখ কৰে৷

অখিল গগৈয়ে লগতে কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কখনত গৃহীত হ'লে ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ দেশ হৈ নাথাকে৷ গগৈয়ে লগতে কয় যে নতুনকৈ হিন্দু বাংলাদেশী আহিলে অসম ধ্বংশ হৈ পৰিব৷ যদি বাংলাদেশৰ পৰা আহা লোকসকলক অসমত সংস্থাপিত কৰা হয় তেন্তে বাংলাদেশী হিন্দুৰ ভোটখিনি বিজেপিৰ চিৰদিন ভোটবেংক হৈ ৰ'ব আৰু চিৰকাল বিজেপিয়েই চৰকাৰ চলাই থাকিব৷ বিজেপিয়ে অসমীয়াৰ ভোট চিৰদিন নাপায়,সেই কথা বুজি পাইছে যাৰ বাবে অসমখনক বাংলাদেশীৰ চৰনীয়া পথাৰ কৰিব বিচাৰিছে৷

গগৈয়ে তেওঁৰ ভাষণত কয় যে বিগত নিৰ্বাচনত হিমন্ত বিশ্বই এয়া শৰাইঘাটৰ শেষ ৰণ বুলি উল্লেখ কৰি বিজেপি নিজিকিলে অসমত বাংলাদেশী মুখ্যমন্ত্ৰী হব বুলি প্ৰচাৰ চলাই অসমীয়াৰ ভোট লাভ কৰিছিল আৰু আজি অসমীয়াৰে অস্তিত্বক মুছিবলৈ   বিছাৰিছে৷তেওঁ মোদীৰ মন কি বাতক তীব্ৰ ভাষাৰে সমালোচনা কৰি কয় যে মোদীৰ মন কি বাত আমি বহুত শুনিলো,এতিয়া মোদীয়ে ৰাইজৰ মন কি বাত শুনাৰ সময় আহিল৷এজিপি,বিজেপি,কংগ্ৰেছ আৰু এই আই ইউ ডি এফ দলকো তেওঁ কঠোৰ বাবে সমালোচনা কৰি দলকেইটাই কেৱল ক্ষমতা লাভ কৰিবলৈ আৰু জনগনক শোষণ কৰিবলৈ বিচাৰে বুলি উল্লেখ কৰে৷

প্ৰায় পাচ সহস্ৰাধিক ৰাইজ উপস্থিত থকা সভাখনত অখিল গগৈয়ে কয় যে হিন্দু বাংলাদেশীক সংস্থাপন দিবলৈয়ে চৰকাৰে উচ্ছেদ অভিযান আৰম্ভ কৰিছে৷ যুগ যুগ ধৰি বাস কৰি অহা অসমীয়াৰ ঘৰ ভাঙি তাত বাংলাদেশৰ পৰা অনা লোকক থাকিবলৈ দিয়াটো প্ৰতিজন অসমীয়াৰ বাবে চৰম অপমান বুলি গগৈয়ে মন্তব্য কৰে৷এন আৰ চি সম্পূৰ্ণ হ'লে হিন্দু মুছলমানৰ নামত ৰাজনীতি কৰিব নোৱাৰিব বাবেই বিজেপিয়ে এন আৰ চিৰ কাম বন্ধ কৰিছে বুলি গগৈয়ে তাৎপৰ্যপুৰ্ণ মন্তব্য কৰে৷

১৯৭১ চনৰ ২৪ মাৰ্চৰ পূৰ্বে অহা  প্ৰতিজন ব্যক্তিয়েই অসমীয়া বুলি গগৈয়ে মন্তব্য কৰি আজমলকো ক্ষুৰধাৰ সমালোচনা কৰে৷ আজমল হিমন্ত বিশ্বৰ ভাল বন্ধু আৰু আজমলৰ বাবেই বিজেপি আজি শাসনৰ গাদীত৷ তেওঁ লগতে কয় যে নিৰ্বাচনৰ সময়ত হিমন্তই আজমলক গালি পাৰি বিজেপিক ভোট নিদিলে আজমল অসমৰ মুখ্যমন্ত্ৰী হ'ব বুলি প্ৰচাৰ চলোৱাতহে হিন্দু ভোট লাভ কৰিছিল৷

আজমলেও বিজেপিক গালি পাৰি তেওঁ মুখ্যমন্ত্ৰী হ'ব বুলি সংখ্যালঘু ভোটৰ বিভাজন ঘটাই বিজেপিক শাসনলৈ আনিছিল৷ এনে ধৰণৰ ৰাজনীতিকৰ পৰা সকলোকে সাৱধানে থাকিবলৈ কৈ বিজেপিৰ অসম ধ্বংস অভিযানক নস্যাৎ কৰিবলৈ আৰু শেষ যুদ্ধৰ বাবে প্ৰস্তুত থাকিবলৈ সকলোকে আহ্বান জনায়৷ উল্লেখ্য যে যোৱা ৪ জানুৱাৰীৰ পৰা ৰাইজ মেল অনুষ্ঠিত কৰি  নাগৰিকত্ব বিধেয়কখনিৰ দ্বাৰা চৰকাৰে কৰিব বিচৰা ষড়যন্ত্ৰৰ বিষয়ে ৰাইজক অৱগত কৰি আহি আজি প্ৰথমে ডবকাত এখন সভা অনুষ্ঠিত কৰে আৰু পিছত নীলবাগানত এখন বিশাল সভাত অংশগ্ৰহণ কৰে৷