newsnextone.com | গুৱাহাটীঃ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ অসমত উপস্থিত হোৱাৰ পূৰ্বেই কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিৰ প্ৰায় ২০০ নেতা-কৰ্মীক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে, নেডাৰ (North-East Democratic Alliance) এখন বিশেষ বৈঠক গুৱাহাটীৰ কলা ক্ষেত্ৰত অনুষ্ঠিত হ’ব আৰু সেই বৈঠকত অংশ লব অমিত শ্বাহে৷
নেডাৰ (North-East Democratic Alliance) সভাত অংশ লোৱাৰ উদ্দেশ্যে অসম ভ্ৰমণলৈ অহা অমিত শ্বাহে অসমত ভৰি দিয়া দিনটোক কলা দিৱস হিচাপে পালন কৰিবলৈ ইতিমধ্যে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ঘোষণা কৰিছিল৷ আনহাতে দিনৰ প্ৰায় ১১ বাজি ১০ মিনিটত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি গৰাকী বৰঝাৰ বিমান বন্দৰত উপস্থিত হয় আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সহ কেইবাগৰাকী নেতাই আদৰণি জনায় শ্ৰীমন্ত কলাক্ষেত্ৰলৈ লৈ আহে শ্বাহক৷