গুৱাহাটীঃ ভাৰতীয় গণতন্ত্ৰত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বকালৰ প্ৰতাৰক প্ৰধানমন্ত্ৰী৷ এই বিস্ফোৰক অভিযোগ কৃষক নেতা অখিল গগৈৰ৷ আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ গান্ধীবস্তিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত কেন্দ্ৰীয় চৰকাৰ তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনাৰে তুলাধুনা দিয়া অখিলে আৰু কয় যে মোদীৰ নেতৃত্বতে কেন্দ্ৰীয় চৰকাৰে সৰ্বাধিক উদ্যোগ-প্ৰতিষ্ঠান বিদেশী কোম্পানীৰ হাতত বিক্ৰী কৰিছে৷
পূৰ্বৰ মনমোহন চৰকাৰৰ দিনত ৰাজহুৱা উদ্যোগ-প্ৰতিষ্ঠান বিক্ৰীৰ অভিযান আৰম্ভ হোৱা প্ৰক্ৰিয়াটো নৰেন্দ্ৰ মোদীয়ে আৰু অধিক আগুৱাই নিছে৷ বৰ্তমানলৈ মোদীয়ে ৪০টাতকৈ অধিক চৰকাৰী তথা ৰাজহুৱা বিভাগ প্ৰত্যক্ষ বিনিয়োগৰ জৰিয়তে বিদেশী কোম্পানীৰ হাতত তুলি দিছে বুলি অভিযোগ উত্থাপন কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে৷