Home ৰাজ্যহাতৰ তলুৱাত লৈ শব্দ লিৰিকি বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভালঃ ড০ ৰমেশ পাঠক

হাতৰ তলুৱাত লৈ শব্দ লিৰিকি বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভালঃ ড০ ৰমেশ পাঠক

by News Desk
85 views
A+A-
Reset

newsnextone.com | নগাঁওঃ সাহিত্য এক কলা। ই প্ৰচাৰৰ জয়ঢোল নহয়। সাহিত্যিক সকল সামাজিকভাবে দায়বদ্ধ হ’ব লাগিব। সমসাময়িক সমাজ ব্যৱস্থাৰ বিষয়ে সাহিত্যিকসকলৰ স্পষ্ট অভিমত থাকিব লাগিব। তেওঁলোকে বাৰ্তা বহন কৰিব লাগিব। এই মন্তব্য বিশিষ্ট গৱেষক, ভাষাবিদ সাহিত্যাচাৰ্য ড০ ৰমেশ পাঠকৰ। দেওবাৰে নগাঁও লক্ষীনগৰস্থিত হোমিঅপেথিক চিকিৎসা মহাবিদ্যালয়ত অনুষ্ঠিত অখিল ভাৰতীয় সাহিত্য পৰিষদ-অসমৰ নগাঁও জিলা শাখাৰ তৃতীয় বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ আলোচনা চক্ৰ উদ্বোধন কৰি বিশিষ্ট গৱেষক, ভাষাবিদ ডা০ পাঠকে কয় যে হাতৰ তলুৱাত লৈ শব্দ লিৰিকি বিদাৰি চাব নাজানিলে সাহিত্য নিলিখাই ভাল। তেওঁ লগতে কয় যে আমি কোৱা কথাবোৰ কবিতা নহয় নোকোৱাখিনিহে প্ৰকৃত কবিতা। 

বিশিষ্ট গৱেষকগৰাকীয়ে অসমীয়া ভাষা তথা উপভাষা সমূহৰ সম্পৰ্কতো আলোকপাত কৰে। সাম্প্ৰতিক অসমীয়া সাহিত্য আৰু নবীন সাহিত্যিক শীৰ্ষক আলোচনা চক্ৰত আলোচক হিচাপে অংশগ্ৰহন কৰি ‘দৈনিক অসম’ৰ সাংবাদিক চন্দনজ্যোতি বৰাই কয় যে সাম্প্ৰতিক অসমীয়া সাহিত্যৰ আত্মীয়তা অসমৰ চিন্তাধাৰাৰ সৈতে গভীৰ নহয়। ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ মহৎ সাহিত্যৰ লগত অসমৰ বৰ্তমানৰ সাহিত্যই ফেৰ মাৰিব পৰা নাই যেন অনুভব হয়। অসমৰ বিদ্যালয়ৰ পাঠ্যক্ৰমটো অসমীয়া সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিব পৰাকৈ বিশেষ সমল নাই। ইংৰাজীৰ প্ৰতি নৱ প্ৰজন্মৰ আকৰ্ষনেও অসমীয়া-ভাষা সাহিত্যৰ ওপৰত বিৰূপ প্ৰভাব পেলাইছে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0