ডিব্ৰুগড়ঃ নিশা ১২ বজাতো উত্তপ্ত হৈ আছে ডিব্ৰুগড় সদৰ থানাৰ ভিতৰ-বাহিৰ। থানাৰ ভিতৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈয়ে আৰক্ষীক প্ৰশ্নবাণেৰে থকা-সৰকা কৰাৰ বিপৰীতে বাহিৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে মুকলি কৰি দিয়াৰ দাবীত পৰিৱেশ উত্তাল কৰি তুলিছে।
প্ৰয়োজনত অস্ত্ৰ হাতত তুলি ল’বলৈ আহ্বান জনালেই যদি ৰাষ্ট্ৰদ্ৰোহ হয় তেন্তে হোজাইত আৰ এছ এছে অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰাতো কি আছিল বুলিও থানাৰ ভিতৰত আৰক্ষীক প্ৰশ্ন কৰে অখিলে। কৃষক নেতাগৰাকীয়ে হোজাইত আৰ এছ এছৰ অস্ত্ৰৰ প্ৰশিক্ষণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ সেই প্ৰশিক্ষণক আত্মৰক্ষামূলক আখ্যা দিব পাৰে বুলিও আৰক্ষীক প্ৰশ্ন কৰে।