গুৱাহাটীঃ কৃষক তথা ৰাজ্যৰ প্ৰতিটো সমস্যা, চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে সংগ্ৰাম কৰি অহা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক গ্ৰেপ্তাৰৰ প্ৰতিবাদত প্ৰতিদিনে ৰাজ্য উত্তাল হৈ আছে৷ ডিব্ৰুগড় জিলা আৰক্ষীয়ে গোলাঘাটৰ নিজ গৃহৰ পৰা ১৪ দিন পুৰ্বে কৃষক নেতাগৰাকীক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত প্ৰতিদিনে উত্তাল হৈ পৰে ৰাজ্য৷ ৰাজ্যৰ একাংশ দল-সংগঠনে ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰিছে প্ৰতিদিনে৷
অখিলক মুক্তি দিয়াৰ দাবীত দল-সংগঠনে প্ৰতিবাদ জনাই অহাৰ সময়তে সোমবাৰে ডিব্ৰুগড়ৰ আদালতৰ ভিতৰতে গৃহ বিভাগে অখিল গগৈৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় নিৰাপত্তা আইন, ১৯৮০ জাপি দি পুনৰ আটক কৰে অখিলক৷ ইমানৰ পিছতো হাৰ মানিব খোজা নাই অখিলে৷ ৰাজ্য-কেন্দ্ৰীয় চৰকাৰ তথা বিজেপি চৰকাৰৰ বিৰুদ্ধে আদালতৰ ভিতৰতো আক্ৰমণাত্মক হৈ পৰে অখিল৷ বিজেপিৰ সৈতে আপোচ নকৰাৰ সংকল্প লৈ সতীৰ্থক উদ্দেশ্যে দিয়া বক্তব্য ছচিয়েল মিড়িয়াত বিশেষকৈ ফেচবুকত চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে৷