49
তিনিচুকীয়াঃ সম্প্ৰতি কৈ থাকিলেও ওৰকে নপৰা অসম লোকসেৱা আয়োগৰ দুৰ্নীতি ৰাজ্যৰ প্ৰতিজন নাগৰিকৰ মুখে মুখে৷ কি চিটি বাছ, কি আড্ডাস্থলী সকলোতে চৰ্চাৰ বিষয় কেৱল এ পি এছ চি।
ৰাজ্যৰ সকলো খবৰকে তল পেলাই দুই নম্বৰী কায়দাৰে একো একোজন ৰাজপত্ৰিত বিষয়া হোৱা একাংশ দুৰ্নীতিগ্ৰস্ত আমোলাই এইকেইদিন লাভ কৰিছে শীৰ্ষস্থান৷ আনকি তিৰোতাসকলৰ বিয়নী মেলতো এ পি এছ চিৰ খলনায়কত্ৰয় ৰাকেশ পাল, ছামেদুৰ আৰু বসন্ত দলেৰ প্ৰসংগই বিশেষ গুৰুত্ব লাভ কৰিছে ৷