নগাঁওঃ স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী উপলক্ষে একল অভিযানৰ উদ্যোগত সমগ্ৰ ভাৰতবৰ্ষতে পালন কৰা আন্তঃৰাষ্টীয় একল সপ্তাহৰ লগত সংগতি ৰাখি নগাঁও অঞ্চলটো ৬ জানুৱাৰী পৰা আজি ১২ জানুৱাৰীলৈ আন্তৰাষ্ট্ৰীয় একল সপ্তাহ পালন কৰা হয়।

নগাঁও অঞ্চলৰ অন্তৰ্গত বটদ্ৰৱা, জখলাবন্ধা, চামগুৰি, পুৰণিগুদাম, কঠীয়াতলী, ৰহা, জাগীৰোড, মিকিৰভেটা আৰু গেৰুৱা সঞ্চত পৃঠকে পৃঠকে ৩০ খনকৈ গাঁৱৰ কণ কণ শিশু সকলক লৈ সৰ্বমুঠ ২৭০ গাঁৱৰ শিশুসকলৰ উপস্থিতিৰে একল সপ্তাহ উদযাপন কৰা হয়।

এই আন্তৰাষ্ট্ৰীয় একল সপ্তাহত নগাঁও অঞ্চলৰ প্ৰতিখন সঞ্চত শিশু সকলৰ মাজত কবিতা আবৃত্তি, প্ৰশ্নোত্তৰ, ছবি আঁকা, গীত, নৃত্যৰ ওপৰিও থলুৱা খেল ধেমালি, শোভাযাত্ৰা আৰু সভা অনুষ্ঠিত হয়।