newsnextone.com | মোৰাঝাৰঃ হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভৰিৰে লিখি প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা হোজাই জিলাৰ মোৰাঝাৰৰ দিব্যাংগ ছাত্ৰী জেবিন কৌছৰক ৰাজ্যৰ কেইবাটাও অনুষ্ঠানে সহায় কৰাৰ লগতে হিন্দী ছবি জগতৰ চুপাৰষ্টাৰ অক্ষয় কুমাৰে লগ ধৰিলে জেবিনক। যোৱা ২৫ মে’ত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণাৰ পিছৰে পৰা জেবিনৰ ঘৰলৈ সমাজ সচেতন লোকৰ সোঁত বৈছিল। তাৰ লগে লগে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে পুৰস্কৃত কৰিছিল জেবিন কৌছাৰক৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কাৰ্যালয়েও যোগাযোগ কৰিছিল জেবিনৰ সৈতে। তাৰ মাজতে বলিউড চুপাৰষ্টাৰ অক্ষয় কুমাৰেও সাক্ষাত কৰিব খুজিছিল জেবিন কৌছাৰক ৷ জেবিনক পত্ৰযোগে নিমন্ত্ৰনো জনাইছিল অক্ষয় কুমাৰে৷ অৱশেষত জেবিন গৈ উপস্থিত হয় মুম্বাইত। জেবিনৰ সৈতে সাক্ষাত কৰাৰ সময়ত অক্ষয় কুমাৰে চেলফি লয় জেবিন আৰু অসমৰ পৰা যোৱা দলটোৰ সৈতে।