প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়ৰ বাসগৃহত কালি নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ সামৰিক পোছাক পৰিহিত অস্ত্ৰধাৰী ৬/৭ জনীয়া এক বৃহৎ দলে সংঘটিত কৰে এই ঘটনা৷ মুখত ক’লা কাপোৰ মাৰি অহা দুৰ্বৃত্তৰ দলটোৱে ঘৰত দুৱাৰ ভাঙি সোমাই ব্যৱসায়ীগৰাকীৰ পুত্ৰক ধন-সোণ, পইচা-পাতি বিচাৰি মাৰধৰ কৰাৰ লগতে ব্যৱসায়ী ৰাথোড়ক ফোন কৰি ঘৰলৈ মাতিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷ 

ঘটনা সন্দৰ্ভত ব্যৱসায়ী ৰাথোড়ে জানিব পাৰি তেওঁৰ ব্যক্তিগত পিষ্টলটো লৈ পুত্ৰক উদ্ধাৰৰ বাবে আহে যদিও দৃৰ্বৃত্তৰ দলটোৱে ৰাথোড়ক ঘৰৰ চোতালতে এ কে ৪৭ ৰাইফলৰ গুলীৰে সৰকা কৰাত ব্যৱসায়ী গৰাকী ঘটনাস্থলীতে ঢলী পৰে৷ ঘটনা সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে ৰাথোড়ৰ পিষ্টলটোৰ লগতে টকা, আ-অলংকাৰ লুটি ঘটনাস্থলীৰপৰা আতৰি যায়৷ ব্যৱসায়ী ৰাথোড়ৰ দেহত কেইবাটাও গুলি লগাৰ লগতে তেওঁৰ এজন কৰ্মচাৰীৰ ভৰিতও গুলি লাগিছে বুলি জানিব পৰা গৈছে৷

পৰৱৰ্তী সময়ত পৰিয়ালৰ লোকে ৰাথোড়ৰ লগতে আহত কৰ্মচাৰী গৰাকীক চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে যদিও ব্যৱসায়ী ৰাথোড়ক চিকিৎসকে মৃত বুলি ঘোষণা কৰে ৷

ঘটনাস্থলীত উপস্থিত খটখটি আৰক্ষী, বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগু, কাৰ্বি আংলং জিলাৰ আৰক্ষী অধীক্ষক গৌৰৱ উপাধ্যায়, অতিৰিক্ত আৰক্ষী অধীক্ষক (সদৰ) ইন্দ্ৰনীল বৰুৱা আদিয়ে ডকাইতিৰ উদ্দেশ্যৰে এই ঘটনা সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰিছে৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে যদিও সামৰিক আৰু খাকী পোছাকত অহা তথা এ কে ৪৭ ৰাইফল লৈ নাগামিজত কথা পতা দুৰ্বৃত্তৰ দলটো কোন সংগঠনৰ বা চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ উগ্ৰপন্থী সংগঠন এনএছচিএন (আই এম)ৰ কোনো কেডাৰ জড়িত আছে নি আৰক্ষীয়ে তাৰ কোনো শুংসূত্ৰ বৰ্তমানলৈকে উলিয়াব পৰা নায়৷