প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ অসম-নগালেণ্ড সীমান্তৱৰ্তী বোকাজান মহকুমাৰ খটখটিত সুৰা ব্যৱসায়ী মুলসিং ৰাথোড়ৰ বাসগৃহত কালি নিশা এক গুলীচালনাৰ ঘটনা সংঘটিত হয়৷ সামৰিক পোছাক পৰিহিত অস্ত্ৰধাৰী ৬/৭ জনীয়া এক বৃহৎ দলে সংঘটিত কৰে এই ঘটনা৷ মুখত ক’লা কাপোৰ মাৰি অহা দুৰ্বৃত্তৰ দলটোৱে ঘৰত দুৱাৰ ভাঙি সোমাই ব্যৱসায়ীগৰাকীৰ পুত্ৰক ধন-সোণ, পইচা-পাতি বিচাৰি মাৰধৰ কৰাৰ লগতে ব্যৱসায়ী ৰাথোড়ক ফোন কৰি ঘৰলৈ মাতিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷
ঘটনা সন্দৰ্ভত ব্যৱসায়ী ৰাথোড়ে জানিব পাৰি তেওঁৰ ব্যক্তিগত পিষ্টলটো লৈ পুত্ৰক উদ্ধাৰৰ বাবে আহে যদিও দৃৰ্বৃত্তৰ দলটোৱে ৰাথোড়ক ঘৰৰ চোতালতে এ কে ৪৭ ৰাইফলৰ গুলীৰে সৰকা কৰাত ব্যৱসায়ী গৰাকী ঘটনাস্থলীতে ঢলী পৰে৷ ঘটনা সংঘটিত কৰি দুৰ্বৃত্তৰ দলটোৱে ৰাথোড়ৰ পিষ্টলটোৰ লগতে টকা, আ-অলংকাৰ লুটি ঘটনাস্থলীৰপৰা আতৰি যায়৷ ব্যৱসায়ী ৰাথোড়ৰ দেহত কেইবাটাও গুলি লগাৰ লগতে তেওঁৰ এজন কৰ্মচাৰীৰ ভৰিতও গুলি লাগিছে বুলি জানিব পৰা গৈছে৷