জোনাইঃ অৰুণাচলৰ পাচিঘাটত অহা ২৩ ফেব্ৰৱাৰীৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে মিচিং জনগোষ্ঠীয়ে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰাৰ ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে৷ পৰম্পৰাগত ভাৱে জনগোষ্ঠীৰটোৰ লোকসকলে আলি-আয়েঃ-লৃগাং উৎসৱ পালন কৰিব৷ আলি-আয়েঃ-লৃগাং’ হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷
বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে ব্যাপক উলাহ মালহেৰে পালন কৰিব আলি-আয়েঃ-লৃগাং উৎসৱ৷ অৰুণাচলৰ পূৱ চিয়াং জিলাৰ পাচিঘাট মেবৰ বাক্কুলত চিয়াং নদীৰ পাৰত মনোমোহা পৰিৱেশৰ মিলিত হ’ব অৰুণাচলৰ আদী আৰু অসমৰ মিচিংসকল৷ অৰুণাচল প্ৰশাসনৰ পৃষ্ঠপোষতাত ব্যাপক প্ৰস্তুতি চলাই থকা পৰিলক্ষিত হৈছে আলি-আয়েঃ-লৃগাং উৎসৱ৷