আমগুৰিঃ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী৷ মিচিং জনগোষ্ঠী বৰ্ণিল জনগোষ্ঠী৷ যাৰ আছে নিজা ভাষা, সংস্কৃতি, মৌখিক সাহিত্য আৰু বহু কিম্বদন্তিমূলক ইতিহাস৷ এই জনগোষ্ঠীৰো আছে নিজস্ব উৎসৱ-পাৰ্ৱন৷ ‘আলি-আয়েঃ-লৃগাং’ হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ পালন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে৷
বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে বুধবাৰে পুৱাৰে পৰা ব্যাপক উলাহ মালহেৰে পালন কৰিছে আলি-আয়েঃ-লৃগাং উৎসৱ৷ উজনি-নামনি, বৰাক উপত্যকাত সিঁচৰিত হৈ থকা জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে৷ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰ খনলৈ সুখ-শান্তি কামনা কৰে৷ ঘৰখন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে৷