আমগুৰিঃ অসমৰ দ্বিতীয় বৃহত্তম জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী৷ মিচিং জনগোষ্ঠী বৰ্ণিল জনগোষ্ঠী৷ যাৰ আছে নিজা ভাষা, সংস্কৃতি, মৌখিক সাহিত্য আৰু বহু কিম্বদন্তিমূলক ইতিহাস৷ এই জনগোষ্ঠীৰো আছে নিজস্ব উৎসৱ-পাৰ্ৱন৷ 'আলি-আয়েঃ-লৃগাং’ হ’ল মিচিং জনগোষ্ঠীৰ মূল কৃষিভিত্তিক উৎসৱ৷ এই উৎসৱ পালন কৰে ফাগুন মাহৰ প্ৰথমটো বুধবাৰে৷

বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে বুধবাৰে পুৱাৰে পৰা ব্যাপক উলাহ মালহেৰে পালন কৰিছে আলি-আয়েঃ-লৃগাং উৎসৱ৷ উজনি-নামনি, বৰাক উপত্যকাত সিঁচৰিত হৈ থকা জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে৷ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰ খনলৈ সুখ-শান্তি কামনা কৰে৷ ঘৰখন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে৷

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিং কপাহতলিৰ মিচিং গাঁৱৰ ৰাইজে উলহ-মালহেৰে পালন কৰে 'আলি-আয়েঃ-লৃগাং’। জানিব পৰা মতে, আমগুৰিৰ হালোৱাটিং কপাহতলিৰ মিচিং গাঁৱৰ আলি-আয়েঃ-লৃগাঙ উৎসৱত হলেণ্ডৰ কেইবাগৰাকীও পৰ্যটকে অংশগ্ৰহণ কৰি আপ্লুত হৈ পৰে৷

পৰ্যটকসকলে  আপঙৰ সোৱাদ লোৱাৰ লগতে মিচিং জনগোষ্ঠীৰ বিভিন্ন নীতি-নিয়ম দৰ্শন কৰি অভিভুত হয়৷ উল্লেখ্য যে মিচিং লোকসকলে আলি-আয়েঃ-লৃগাং পালন কৰা দিনটোৰ পৰাই কৃষি কৰ্মৰ আৰম্ভ কৰে। ‘আমলি লৃগগদ’ অৰ্থাৎ কৃষিপথাৰত মাংগলিক নিয়মেৰে শস্য সিঁচি লৃগাঙৰ শুভাৰম্ভ কৰে।

ইয়াৰ পাছতে সাংস্কৃতিক দিশতো চহকী মিচিং সকলে কৃষিপথাৰৰ কাষতে ডেকা গাভৰু সকলো মিলি গুমৰাগ নৃত্য প্ৰদৰ্শন কৰি সকলোৱে মিলি পৰম্পৰাগত খাদ্য সম্ভাৰেৰে অতিথিক আপ্যায়ন কৰাৰ লগতে পৰিৱেশন কৰি বছৰটোৰ কৃষি কৰ্মৰ বাবে সাজু হয়। ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে বুধবাৰে আমগুৰিৰ হালোৱাটিঙৰ কপাহতলি মিচিং গাঁৱতো বৰ্ণাঢ্য কাৰ্য্যসূচীৰে কৃষি ভিত্তিক উৎসৱ 'আলি-আয়েঃ-লৃগাং’ পালনৰ পৰম্পৰা বৰ্তাই ৰাখে৷