কোকৰাঝাৰঃ কোকৰাঝাৰ ভূমি আৰু ৰাজহ বিষয়াৰ কাৰ্য্যালয়ত বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্যবাহী সদস্য অলিন্দ্ৰ মুছাহাৰীয়ে আজি আকস্মিক পৰিদৰ্শন কৰাত কাৰ্যালয়ত থকা বিভাগীয় লাট মণ্ডল আৰু বিষয়াসকলৰ মাজত হুৱাদুৱাৰ সৃষ্টি হয় ৷
উল্লেখ্য যে আজি বিটিচিৰ ভূমি আৰু ৰাজহ বিভাগৰ কাৰ্য্যবাহী সদস্য অলিন্দ্ৰ মুছাহাৰীয়ে পুৱা প্ৰায় দহমান বজাত কাৰ্য্যালয়টোত আকস্মিক পৰিদৰ্শন কৰি কাৰ্য্যালয়ৰ সকলো লাট মণ্ডল আৰু বিষয়া কৰ্মচাৰীৰ বুজ লোৱাৰ সময়তে তিনিজনকৈ লাট মণ্ডলে দৈনিক উপস্থিতিৰ পঞ্জীয়ন বহীত আগতীয়াকৈ চহী মাৰি থোৱা প্ৰত্যক্ষ কৰে ৷