Home ৰাজ্যআলিটাঙনীত আমছুৰ প্ৰশংসনীয় পদক্ষেপ,গঞা ৰাইজৰ সমস্যাক লৈ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত

আলিটাঙনীত আমছুৰ প্ৰশংসনীয় পদক্ষেপ,গঞা ৰাইজৰ সমস্যাক লৈ গাঁৱে গাঁৱে সজাগতা সভা অনুষ্ঠিত

by News Desk
A+A-
Reset
26625082-5176-439b-beb5-c5622e2d3f3e

নগাঁওঃ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ  এন আৰ চি ৰ খচৰাৰ পৰা বাদ পৰা লোকসকলৰ পুনৰ দাবী আৰু  আপত্তিৰ আবেদন পত্ৰ সমুহ দাখিলৰ বাবে চলিত মাহৰ ১৫ তাৰিখটো অন্তিম দিন বুলি মহামান্য  উচ্চতম ন্যায়ালয়ে ধাৰ্য কৰি দিছে। 

দাবী আৰু আপত্তিৰ শেষ দিনটো যিমানেই চমু চাপি আহিছে তাক লৈ গ্ৰামাঞ্চলৰ বহু সহজ সৰল  অশিক্ষিত লোকে দাবী আৰু আপত্তিৰ আবেদন পত্ৰখন পুৰণ কৰাত যথেষ্ট আহুকালৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈছে । গতিকে এই সহজ-সৰল অশিক্ষিত লোকসকলৰ সুবিধাৰ্থে সদৌ অসম সংখ্যালঘু ছাত্ৰ  ইউনিয়ন চমুকৈ আমছুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশনাত প্ৰতিখন জিলাৰ লগতে গাঁৱে গাঁৱে ৰাইজৰ সুবিধাৰ্থে  আমছু কৰ্মী সকলে এন আৰ চিৰ আবেদন পত্ৰখন সঠিক ৰূপে পুৰণ কৰিবলৈ ধাৰাবাহিকভাবে সহায়ক শিবিৰ  স্থাপন কৰি  আহিছে । ইয়াৰ অংশ হিচাপে আজি বিয়লি চাৰিমান  বজাত জিলাখনৰ আমছুৰ আলিটাঙনী আঞ্চলিক সমিতিৰ  উদ্যোগত আলিটাঙনী চাৰিআলিত এন আৰ চিৰ প্ৰ পত্ৰ পুৰণৰ এক সহায়ক শিবিৰ আৰু সজাগতা সভা  অনুষ্ঠিত কৰা হয়। এই মৰ্মে,আমছুৰ নগাঁও জিলা সমিতিৰ সভাপতি আব্দুল ৰহিমৰ সভাপতিত্ব অনুষ্ঠিত হোৱা  সজাগতা সভাখনত  আমছুৰ  মূখ্য  উপদেষ্টা  আজিজুৰ ৰহমান উপস্থিত থাকি কয় যে- এন আৰ চিৰ প্ৰ পত্ৰ পূৰণৰ দাবী আৰু আপত্তিৰ যি প্ৰক্ৰিয়া বৰ্তমান চলি আছে,এই ক্ষেত্ৰত বহু ৰাইজ এতিয়াও  অৱগত নহয়। আনকি চৰকাৰ তথা  এন আৰ চিৰ কৰ্তৃপক্ষৰ ফালৰ পৰাও যিদৰে প্ৰচাৰ কৰিব লাগিছিল ঠিক তেনেদৰে প্ৰচাৰ কৰা নাই। সেয়ে ৰাইজৰ সুবিধাৰ্থে আমছুৰ উদ্যোগত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত এই সন্দৰ্ভত সজাগতা সভা  অনুষ্ঠিত কৰি অহা হৈছে । ভাষণ প্ৰসংগত আমছুৰ নেতাগৰাকীয়ে ১৯৭১ চনৰ ২৫ মাৰ্চৰ পূৰ্বৰ বহুতো লোকৰ নিজৰ বৈধ প্ৰমাণ পত্ৰ থকা স্বত্বেও কেৱল মাত্ৰ নিজৰ অজ্ঞতাৰ কাৰণে এতিয়াও দাবী আৰু আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰি জমা দিয়া নাই বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায় । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0