অসমত এতিয়া অলেখ সমস্যা, অলেখ চৰ্চা। মূল্যবৃদ্ধিৰ পৰা নিবনুৱা সমস্যালৈ, মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীৰ পৰা শিলসাঁকোৰ উচ্ছেদলৈ নানান সমস্যা আৰু চৰ্চাই এতিয়া গৰম কৰি ৰাখিছে ৰাজ্যৰ বতাহ। বহুতে অভিযোগ কৰিছে- দেশৰ অন্য প্ৰান্তৰ দৰেই লাহে লাহে বিভেদৰ পোখা মেলিছে অসমীয়াৰ মাজতো। আৰু সেই বিভেদকামী চেতনাক গুৰিতে নিঃশেষ কৰিবলৈ এইবাৰ এক পদযাত্ৰাৰ ঘোষণা কৰিছে অসমৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দল অসম জাতীয় পৰিষদে।
দিনদিয়েক পূৰ্বে ৰাজ্যৰ এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে অসম জাতীয় পৰিষদক ফটুৱা দল আখ্যা দিয়াৰ পিছতে ছ’চিয়েল মিডিয়াত অধিকাংশ নেটিজেনেই শিল্পীগৰাকীক মুকলিকৈ সমালোচনা কৰা দেখা গৈছিল। অৰ্থাৎ দলটোৰ সদস্য নহলেও বহুতেই দলটোক জুবিনে ফটুৱা আখ্যা দিয়া কাৰ্যৰ বিৰোধিতা কৰিছিল আৰু এনেকৈ দলটোৱে ব্যাপক চৰ্চা লাভ কৰিবলৈ সমৰ্থ হৈছিল। ইয়াৰ মাজতে দলটোৱে হাতত লোৱা এই পদক্ষেপে এতিয়া বহন কৰিছে বিশেষ তাৎপৰ্য।