ডিজিটেল ডেস্কঃ বিটিএডিৰ সীমাৰ বাহিৰে-ভিতৰে বড়ো জনগোষ্ঠীয় সকলো লোককে সুৰক্ষিত কৰা আৰু পৃথক বড়োলেণ্ডৰ দাবী জনাই আজি পুনৰাই প্ৰতিবাদ সাব্যস্ত কৰে ৰাজ্যজুৰি সদৌ অসম বড়ো ছাত্ৰ সন্থাই।
বড়ো জনগোষ্টীৰ দীৰ্ঘদিনীয়া সমস্যা, পৃথক বড়োলেণ্ড গঠন অাৰু বিটিএডিৰ বাহিৰত বসৱাস কৰা বড়োসকলৰ নিৰাপত্তা আৰু ৰাজনৈতিক অধিকাৰ সুনিশ্চিত কৰাৰ দাবীত সন্দৰ্ভত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে কোনোধৰণৰ পদক্ষেপ গ্ৰহণ নকৰাৰ ফলত জনগোষ্ঠীটো উপেক্ষিত হৈ অহাৰ অভিযোগ উত্থাপিত কৰি প্ৰতাৰণা দিৱস পালন কৰা হয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত।