newsnextone.com। তেজপুৰঃ ১৯৮৭ চনৰ ৬ ছেপ্টেম্বৰত নামৰূপত জন্মলাভ কৰা সদৌ অসম কবি সন্মিলনে ইতিমধ্যে ৩১টা বৰ্ষ অতিক্ৰম কৰিছে। আজি তেজপুৰৰ ঐতিহাসিক জ্যোতি-ভাৰতীত সদৌ অসম কবি সন্মিলনৰ দ্বাত্ৰিংশতিতম্ প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ উদ্যোগত আৰু শাখাসমূহৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদ্যাপন কৰা হৈছে।
সদৌ অসম কবি সন্মিলনৰ সভাপতি নীলকান্ত শইকীয়াই সন্মিলনৰ পতাকা উত্তোলনেৰে শুভাৰম্ভ কৰা অনুষ্ঠানটিত ৯:৩০ বজাত স্মৃতি তৰ্পণ কৰে শোণিতপুৰ জিলা কবি সন্মিলনৰ সভাপতি ডাঃ হৰেণ শইকীয়াই।
১০:৩০ বজাৰ পৰা আৰম্ভ হোৱা ‘কবিতাৰ সমাহাৰ’ শীৰ্ষক কাব্যপাঠৰ অনুষ্ঠান উদ্বোধন কৰে বিশিষ্ট কবি দিলীপ ফুকনে আৰু সঞ্চালনা কৰে ডাঃ হৰেণ শইকীয়াই।