কাজিৰঙা,পলিমা চেতিয়া বসুমতাৰীঃ বিগত সময়চোৱাত সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনত বোকাখাত মহকুমা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুবাৰ উজ্বলি উঠাৰ সমান্তৰালভাৱে পুনৰ বাতৰিৰ শিৰোনামলৈ আহিছে বোকাখাত।
চৰাইদেউ জিলাৰ আৰ্থ-সামাজিক, শিক্ষা, সাহিত্য আৰু সাংস্কৃতিক উন্নয়নমূলক মঞ্চ ‘প্ৰচেষ্টা’ৰ উদ্যোগত প্ৰতি বছৰে আয়োজিত হৈ অহা সাহিত্য প্ৰতিযোগিতাৰ ২০১৯ বৰ্ষৰ ঘোষিত সাহিত্য প্ৰতিযোগিতাৰ গল্প প্ৰতিযোগিতা শিতানত বোকাখাতৰ মনালিছা শইকীয়াই প্ৰথম স্থান দখল কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে।