হাইলাকান্দিঃ লোকক দেখুৱাবলৈহে মোবাইল, নেটৱৰ্ক হলে নাই। ফটো উঠিবলৈ হে মোবাইল আপলোড কৰিবলৈ নাই নেটৱৰ্ক৷ দুখন তিনিখন চিমকাৰ্ড থাকিও কামত অহা নাই এখনো চিমকাৰ্ড৷ এদিন দুদিন নহয় কেইবাদিনো মোবাইলত নাই নেটৱৰ্ক। যেন সংযোগহীন হৈ পৰিছে এটা এলেকা৷ নিৰ্দিষ্ট এটা নহয় সকলো ব্যক্তিগত মোবাইল কোম্পানীৰে নাই নেটৱৰ্ক।
সেয়া লাগিলে বিএচএনএল, এয়াৰচেল, এয়াৰটেল, ভোডাফন নাইবা জিঅ’ কোনো এখনো চিম কামত অহা নাই৷ এই দুৰৱস্তা ভুগিব লগা হৈছে বৰাক উপত্যকাৰ হাইলাকান্দি জিলাত৷ জিলা খনৰ দক্ষিণ হাইলাকান্দি ব্লকৰ অন্তৰ্গত ঘাড়মোড়া এলাকাত বিগত কেইবামাহ ধৰি মোবাইলত নাই নেটৱৰ্ক। ক্ষোভিত হৈ পৰিছে জনসাধাৰণ। প্রতিজন মানুহৰ হাতত মোবাইল থাকিলেও পাতিব পৰা নাই কথা৷