নতুন দিল্লীঃ বৃহস্পতিবাৰে জম্মু আৰু কাশ্মীৰৰ পুলৱামাত সংঘটিত সন্ত্ৰাসবাদীৰ নাৰকীয় আক্ৰমণৰ পাছত সমগ্ৰ দেশতে প্ৰতিশোধৰ দাবী উঠিছে। এই সন্দৰ্ভত শুকুৰবাৰে পুৱা নিৰাপত্তা বিষয়ক কেবিনেট কমিটীৰ জৰুৰী বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পাছতে বিয়লি দেশৰ এই সংকট কালত সকলো বিৰোধীৰ সৈতে আলোচনা কৰিবলৈ শনিবাৰে দিনৰ ১১ বজাত এক সৰ্বদলীয় বৈঠক আহ্বান কৰিছে চৰকাৰে।
উল্লেখ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয় এই আক্ৰমণত জড়িত থকা আৰু সন্ত্ৰাসবাদীক সহায় কৰা কোনো লোককে ৰেহাই দিয়া নহ’ব বুলি ঘোষণা কৰিছে। আনহাতে, বাণিজ্যৰ ক্ষেত্ৰত পাকিস্তানক ইমান দিনে দি থকা ভাৰতৰ most favourite nationৰ মৰ্যাদা কৰ্তন কৰা হৈছে৷