গুৱাহাটীঃ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ পৰা শীঘ্ৰে উঠাই দিয়া হ’ব স্পীড ব্ৰেকাৰ। কেন্দ্ৰ চৰকাৰৰ পথ পৰিবহণ মন্ত্ৰণালয়ৰ অধীনস্থ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ (NHAI) -এ সদৰী কৰিছে শেহতীয়া এই সিদ্ধান্তৰ কথা।
টোলগেটৰ বাবে FASTags ব্যৱস্থা বাধ্যতামূলক কৰাৰ পিছত নতুন বছৰটোত কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰণালয়ৰ এই সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে বিবেচিত হৈছে। এক বিবৃতিত পৰিবহণ মন্ত্ৰণালয়ৰ তৰফৰ পৰা কোৱা হৈছে যে অনাহক দুৰ্ঘটনা ৰোধৰ বাবেই চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।