টুইটাৰৰ প্ৰতিষ্ঠাপক তথা চিইঅ’ জেক দৰ্চী পৰিছে মহা বিপদত। তেওঁৰ টুইটাৰ একাউণ্টত যোৱা সপ্তাহৰ পৰা বহুতো আপত্তিজনক টুইট দেখিবলৈ পোৱা গৈছে। সকলো হতবাক জেক দৰ্চীৰ আচলতে হৈছে কি! কিন্তু মানুহৰ বুজিবলৈ বেছি পৰ নালাগিল যে জেক দৰ্চীৰ টুইটাৰ একাউণ্ট হেক হৈছে। টুইটাৰত এছএমএছৰ জৰিয়তেও টুইট কৰিব পৰা ব্যৱস্থা আছে। কোনো দুষ্টচক্ৰই জেক দৰ্চীৰ ফ’ন নম্বৰ কব্জা কৰি এছএমএছৰ জৰিয়তে তেওঁৰ একাউণ্টৰ পৰা টুইট কৰি আছিল। এই কথা পোহৰলৈ অহাৰ পাছতেই টুইটাৰ কৰ্তৃপক্ষই এছএমএছৰ জৰিয়তে টুইট কৰিব পৰা ব্যৱস্থা বন্ধ কৰি দিছে। চাবলৈ গ’লে এয়া অতি ভয়াৱহ কথা। খোদ টুইটাৰৰ চিইঅ’ৰ একাউণ্টেই যদি হেক হয় তেন্তে সাধাৰণ লোকৰ নিৰাপত্তা ক’ত? এই উত্তৰ পোৱা গ’ল তেতিয়া, যেতিয়া গম পোৱা গ’ল জেক দৰ্চী ছিম শ্বোৱেপ ফ্ৰডৰ চিকাৰ হৈছে। কি এই ছিম শ্বোৱেপ ফ্ৰড?