গুৱাহাটীঃ বিভিন্ন জাতি-জনজাতিৰ সমন্বয়ৰ প্ৰতিভূ এই খন বৰ অসম। পাহাৰে-ভৈয়াম একাকাৰ কৰি বসতি কৰি আছে বৰ্ণিল জাতি, জনগোষ্ঠী৷ প্ৰতিটো জাতি-জনগোষ্ঠীৰ আছে লোককলা, কৃষ্টি, সংস্কৃতি সভ্যতা নানান পৰম্পৰা৷ ভাষা, সাহিত্য, সংস্কৃতিৰ জৰিয়তেই সমৃদ্ধ প্ৰতিটো জাতি-জনগোষ্ঠী৷ অসমৰ ভৈয়ামত বসবাস কৰা দ্বিতীয় বৃহত্তম জনগোষ্ঠী হৈছে মিচিং জনগোষ্ঠী৷ পাহাৰ ভৈয়ামত একাকাৰ হৈ মিচিং জনগোষ্ঠীৰ

আছে নিজা পৰম্পৰা ভাষা, সংস্কৃতি, মৌখিক সাহিত্য আৰু কিম্বদন্তিমূলক কিছু ইতিহাস। যাৰ জৰিয়তে বৰ্ণিল মিচিং জনগোষ্ঠীয়ে নিজা পৰিচয় বহন কৰি পালন কৰি আহিছে বিভিন্ন উৎসৱ-পাৰ্ৱন। মিচিং সকলে পালন কৰা উৎসৱ সমূহৰ ভিতৰত উল্লেখনীয় কৃষিভিত্তিক উৎসৱ হ’ল 'আলি-আয়েঃ-লৃগাং’।

বৰ অসমৰ অন্যতম ভূমিপুত্ৰ মিচিংসকলে বুধবাৰে পুৱাৰে ব্যাপক উলাহ মালহেৰে পালন কৰিছে আলি-আয়েঃ-লৃগাং উৎসৱ৷ উজনি-নামনি, বৰাক উপত্যকাত সিঁচৰিত হৈ থকা জনগোষ্ঠীটোৰ লোকসকলে পৰম্পৰা অনুযায়ী এই উৎসৱ পালন কৰে৷ জ্যেষ্ঠসকলৰ আশীৰ্বাদ লৈ ঘৰ খনলৈ সুখ-শান্তি কামনা কৰে৷ ঘৰখন সমৃদ্ধিশালী হোৱাৰ কামনা কৰে৷

কৃষিভিত্তিক বসন্ত উৎসৱ আলি-আয়েঃ-লৃগাঙক লৈ ব্যস্ত হৈ পৰিছে প্ৰতিঘৰ মিচিং জনগোষ্ঠীৰলোক৷ প্ৰতিঘৰে অপায়, অমংগল দূৰ কৰাৰ বাবে পৰম্পৰাগত ভাৱে সাজু হৈছে প্ৰতিখন গাঁও৷ ছায়া মদ, পুৰাং আপং সামগ্ৰীও সাজু কৰিছে গৃহিনীয়ে৷ মিচিং জনগোষ্ঠীৰ গৃহিনীয়ে পিছপৰি থকা নাই৷ এতিয়া আলি-আয়েঃ-লৃগাঙক লৈ ব্যস্ত সকলো৷ যুগ যুগ ধৰি চলি অহা পৰম্পৰা অনুসৰি পালন কৰি অহা আলি-আয়েঃ-লৃগাং বয়োজ্যেষ্ঠজনৰ পৰা আৰম্ভ কৰি যুৱক-যুৱতী আৰু চেমনীয়াসকলেও পিছ পৰি থকা নাই৷

সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি, পৰম্পৰা অনুসৰি মিচিং জনগোষ্ঠীৰ লোক সকলে এই উৎসৱত পূৰ্বপুৰুষক স্মৰণ কৰিব আৰু সুখ-শান্তি, সমৃদ্ধিশালী হ’বৰ বাবে আশীৰ্বাদ বিচাৰিব৷ দেশ আৰু দহৰ মংগল কামনা কৰি আপোন ঘৰ খনৰ সমৃদ্ধি কামনা কৰে৷ প্ৰথম অৱস্থাত ফাগুন, চ’ত নতুবা ব’হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি-আয়েঃ-লৃগাং পালন কৰাৰ আৰম্ভ কৰে৷

মিচিং ডেকা-গাভৰুৱে আলি-আই-লৃগাঙত গুমৰাগ নৃত্য কৰিব। পৃথিৱীত বৰষুণ কামনা, শস্যৰ উৎপাদন বৃদ্ধি আৰু লখিমীক আদৰাৰ প্ৰস্তুতি আজিৰে পৰা আৰম্ভ কৰে জনগোষ্ঠীটোৱে৷ আজি দিনটোৰ পৰা বাওধান খেতি কৰাৰ আৰম্ভণি কৰিব৷ ১৯৫৬ চনত গোগামুখত অনুষ্ঠিত কেবাংৰ অধিৱেশনত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী উপস্থিত আছিল৷

সেই অধিৱেশনতে বানে কেবাঙে প্ৰতিবছৰে ফাগুন মাহৰ প্ৰথম বুধবাৰত আলি-আয়েঃ-লৃগাং পালন কৰাৰ সিদ্ধান্ত লয়৷ আনহাতে কিছু দিন পূৰ্বে জোনাইত অনুষ্ঠিত হৈ যোৱা বানে কেবাঙৰ অধিৱেশনত আলি-আয়েঃ-লৃগাং উৎসৱত পৰম্পৰা ধৰি ৰাখিবলৈ কলা, কৃষ্টি, নৃত্য, গীত সমূহৰ চৰ্চা কৰিবলৈ সিদ্ধান্ত লৈ অসমৰ প্ৰতিখন মিচিং গাঁৱলৈ পত্ৰ প্ৰৰণ কৰে৷