newsnextone.com | মোৰাঝাৰঃ দেশৰ সকলো দৰিদ্ৰ পৰিয়ালক খাদ্য সুৰক্ষা আঁচনিৰ আন্তৰ্ভুক্ত কৰি কম দামত খাদ্যৰ যোগান ধৰাৰ দাবী উত্থাপন হৈ অহাৰ সময়তে হোজাই জিলাৰ মোৰাঝাৰত এগৰাকী সমবায় সমিতিৰ এজেণ্টে দৰিদ্ৰ হিতাধিকাৰীক হাৰাশাস্তি কৰি প্ৰাপ্যৰ পৰা বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈছে৷
সুলভ মূল্যত চৰকাৰে দিয়া চেনি, কেৰাচিন আদি নিত্য প্ৰয়োজনীয় সামগ্ৰী যোগান ধৰাৰ বাবে সমবায় সমিতি সমূহে নিৰ্দিষ্ট এজেণ্টক দায়িত্ব দিয়ে যদিও একাশ এজেণ্টে হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷