দিচাংমুখঃ অমলে আজি কালি পত্নীৰ সহায় নহ’লে ঘৰৰ পৰাই ওলাবই নোৱাৰা৷ কালিলৈ তজ বজাই থকা, পথাৰত কাম কৰিবলৈ গৈ চিঞৰ-বাখৰ কৰি ধেমালি কৰা অমলে লাখুটি লৈ ঘৰৰ বাহিৰলৈ ওলায়৷ ওচৰ-চুবুৰীয়াই অমলক তেনে অৱস্থাত দেখি হায় হায় কৰে৷ হঠাৎ কি হ’ল অমলৰ কোনেও নাজানে৷
অপ্ৰাদেশীকৃত এখন মহাবিদ্যালয়ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী অমল ফুকনৰ ৬ মাহ পূৰ্বলৈকে জীৱন ঠিকে-ঠাকে চলিছিল৷ প্ৰতিদিনে খেতি পথাৰলৈ গৈ কাম কৰিছিল অমল ফুকনে৷ সময়মতে মহাবিদ্যালয়লত উপস্থিত হৈ নিয়াৰিকৈ কাম কৰি গৈছিল৷