নগাঁওঃ অসমৰ মুঠ জনসংখ্যাৰ ৮৬%ই বাস কৰে গ্ৰামাঞ্চলত। ৰাজ্যখনৰ মুঠ ২,২০২খন গাওঁ পঞ্চায়তৰ লগতে গাওঁ উন্নয়ন পৰিষদ সমিতি আৰু গাওঁ উন্নয়ন সমিতিৰ অন্তৰ্গত আবাসীসকলৰ আৰ্থ-সামাজিক আৰু ব্যক্তিগত  জীৱন ধাৰণ মানসম্পন্ন কৰি তোলা আৰু অঞ্চলটোৰ সামগ্ৰিক উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰে প্ৰস্তুত কৰি উলিয়াইছিল ‘আমাৰ গাওঁ আমাৰ আঁচনি’ শীৰ্ষক এক অভিলাষী আঁচনি।

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে ১২ মে’ৰ পৰা ১২ জুনলৈ মুঠ চৈধ্যটা পদক্ষেপত আঁচনিখন বাস্তৱায়িত কৰাৰ বাবে সংশ্লিষ্ট পক্ষলৈ জাননী জাৰি কৰে। উল্লেখ্য যে, চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনৰ সকলো আঁচনি আৰু এম জি এনৰেগা এই পৰিকল্পনাৰ পৰা লোৱাটো বাধ্যতামূলক।

পঞ্চায়ত সভাপতিকে ধৰি ৱাৰ্ড সদস্যসকল, সম্বন্ধিত উন্নয়ন খণ্ডৰ বিষয়া-কৰ্মচাৰী আৰু ৰাজ্যিক গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ উদ্যোগত তথা গাওঁবাসীৰ উপস্থিতিত এক সমূহীয়া প্ৰচেষ্টাৰ দ্বাৰা এই অভিযান সাফল্যমণ্ডিত কৰা প্ৰয়োজন। কিন্তু এইসকলো নীতি-নিৰ্দ্দেশনাক অংগুষ্ঠ প্ৰদৰ্শন কৰি নগাওঁ জিলাৰ কেতবোৰ পঞ্চায়তত আজি পৰ্যন্ত কাৰ্যকৰী হৈ উঠা নাই পৰিকল্পনা প্ৰস্তুতিৰ এই অভিযান।  

নগাঁও জিলাৰ মুঠ ২০টা উন্নয়ন খণ্ডৰ অন্তৰ্গত কেবাটাও পঞ্চায়তত চূড়ান্তভাৱে ব্যৰ্থ হৈছে এই অভিযান। পঞ্চায়ত সমিতিৰ সভাপতিকে ধৰি ৱাৰ্ড সদস্যসকলৰ দায়িত্ৱজ্ঞানহীনতা,মইমতালি আৰু বিভাগীয় বিষয়া কৰ্মচাৰীৰ নিৰ্লিপ্ততা, উদাসীনতা তথা বিভাগীয় উৰ্ধতন কৰ্তৃপক্ষৰ অৱহেলাৰ বাবেই ৰাইজৰ উন্নয়নৰ হকে সমৰ্পিত এই আঁচনিখন বৰ্তমান ধংসৰ গৰাহত।

এই প্ৰতিবেদকৰ এক চৰজমিন তদন্তত সম্প্ৰতি পোহৰলৈ আহিছে এনে সত্য। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন সঞ্চালকালয়ৰ জনসম্পৰ্কৰক্ষী বিষয়া গৰাকীক বিষয়টো সন্দৰ্ভত অৱগত কৰোৱাত তেওঁ উক্ত বিষয়টি উৰ্ধতন কৰ্তৃপক্ষৰ দৃষ্টিগোচৰ কৰাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰে। আনহাতে, ৰাইজেও এই বিশেষ আঁচনিখনৰ সফল ৰূপায়ণৰ বাবে পৰিকল্পনা প্ৰস্তুতকৰণ অভিযান সাফল্যমণ্ডিত হোৱাটো কামনা কৰিছে।