মঙলদৈঃ পৰেশ পন্থী আলফাৰ নামনি অসমৰ অন্যতম নেতা আলফাৰ দৰং-ওদালগুৰিৰ ছাৰ্জেন্ট মেজৰ ৰাজেন ডেকাক ‘অসম মৃতক’ ঘোষণা কৰে আলফা স্বাধীনে৷ ইমানে নহয় শুকুৰবাৰে পুৱতি নিশা সেনা-আৰক্ষীৰ গুলীত নিহত হোৱা ৰাজেন ডেকাক জাতীয় অমৰ মৃতক আখ্যা দিয়ে আলফাই৷ আলফা স্বাধীনৰ প্ৰচাৰ সম্পাদক অৰুণোদয় অসমে সংবাদ মাধ্যমলৈ ই-মেইল যোগে প্ৰেৰণ কৰা এক বিৃতি যোগে এই কথা উল্লেখ কৰে৷ একেটা বিবৃতি যোগে ৰাজেন ডেকাই আত্মহত্যা কৰা বুলি কয় আলফাই৷
নিশা প্ৰায় ১২ বজাত জীঘাংসু ভাৰতীয় দখলদাৰী বাহিনী আৰু অসম আৰক্ষীৰ বৃহৎ দলে নিশ্চিদ্ৰ বেহু ভেদ কৰিব নোৱাৰি উপায়ন্তৰ হৈ শত্ৰুৰ ওচৰত আত্মসমৰ্পণ কৰাতকৈ মৃত্যুৱেই শ্ৰেয় নীতিত অবিচল থাকি অৱশেষত পুৱা নিজৰ লগত থকা বন্দুকেৰে ৰাজেনে আত্মহত্যা কৰিছিল বুলি উল্লেখ কৰে আলফাই৷ আনহাতে একাংশ সংবাদ মাধ্যমকো সমালোচনা কৰি কাকতালীয়ভাৱে বাতৰি প্ৰচাৰ কৰা বুলি কৈ পৰিয়ালৰ ৫ জন সদস্যক ঢাল হিচাপে লৈ ব্যৱহাৰ কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰচাৰ হোৱা বাতৰিক ভিত্তিহীন আখ্যা দিয়ে৷