newsnextone.com | ডিজিটেল ডেস্কঃ প্ৰসিদ্ধ অৰ্থনীতিবিদ অৰ্মত্য সেনক উভতি ধৰিলে নীতি আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰে। মোডীৰ কাৰ্যকালত দেশৰ অৰ্থনৈতিক অৱস্থা পিছুৱাই যোৱা বুলি সমালোচনা কৰিছিল অৰ্মত্য সেনে। তাৰ পিছতে দেশলৈ আহি মোডীৰ গঠনমূলক কাম কাজ প্ৰত্যক্ষ কৰিবলৈ আহ্বান জনালে নীতি আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰে। কেৱল ইমানে নহয় অৰ্মত্য সেনক কিছুদিন ভাৰতত কটাবলৈও কলে নীতি আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰে   

নীতি আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰে কয় ‘‘আমি আশা কৰিছোঁ দেশত বেছি সময় কটাব আৰু বাস্তৱত নিজেই চকু দিব৷ অথবা মোডী চৰকাৰৰ বিগত ৪ বছৰৰ কামকাজ খতিয়ান পৰ্যালোচনা কৰাৰ অন্ততহে এনে মন্তব্য কৰক৷’’ নীতি আয়োগৰ অধ্যক্ষ ৰাজীৱ কুমাৰে আৰু কয় যে মই প্ৰত্যাহ্বান জনাইছোঁ পূৰ্বৰ কোনো চৰকাৰৰ দিনত মোডীৰ ৪ বছৰৰ দৰে গঠনমূলৰ পৰিৱৰ্তন হোৱা নাই৷ এই কথা তথ্যই কয়৷ সমাজৰ বিভিন্ন প্ৰান্তৰ মানুহক উন্নয়নৰ সুবিধা প্ৰদান কৰিছে৷ চৰকাৰে বিগত ৪ বছৰত নানা সংস্কাৰ কৰিছে৷

উল্লেখ্য যে, প্ৰসিদ্ধ অৰ্থনীতিবিদ অৰ্মত্য সেনে ২০১৪ চনৰ পিছত ভাৰত ভুল ৰাস্তাৰে গতি কৰা বুলি মন্তব্য প্ৰকাশ কৰে৷ ভাৰত দ্ৰুত গতিত অৰ্থ ব্যৱস্থা আগুৱাই যোৱা দেশ হোৱাৰ পিছতোঁ ২০১৪ চনৰ পিছত ভুল পথেৰে দীঘলীয়া জাপ দিছে৷ পিছুৱাই যোৱা দেশৰ ভিতৰত ভাৰত দ্বিতীয় খন দেশ৷

অৰ্মত্য সেনে কয় ‘‘কিছু বেয়া হৈছে৷ ২০১৪ চনৰ পিছত ভুল পথেৰে দীঘলীয়া জাপ দিছে ভাৰতে৷ আমি দ্ৰুত গতিত আগবঢ়া অৰ্থ ব্যৱস্থা আছিলোঁ৷ এতিয়া পিছুৱাই আহিছোঁ৷’’

নোবেল পুৰস্কাৰ বিজেতা আগশাৰীৰ অৰ্থনীতিবিদ অৰ্মত্য সেনৰ ‘ভাৰত আৰু ইয়াৰ বিৰোধিতা’ গ্ৰন্থ উন্মোচনৰ মুহূৰ্তত এই কথা উল্লেখ কৰে৷

তেওঁ আৰু কয় যে ২০ বছৰৰ পূৰ্বে ৬ খন দেশ ভাৰত, নেপাল, পাকিস্তান, বাংলাদেশ, শ্ৰীলংকা আৰু ভূটানৰ ভিতৰত ভাৰত সকলোতকৈ ভাল স্থিতিত আছিল৷ এতিয়া ভাৰত দ্বিতীয় বিধ্বস্ত দেশ৷ পাকিস্তানে আমাক সকলোতকৈ বেয়া দেশ হোৱাৰ পৰা বছাই ৰাখিছে৷

চৰকাৰে অসমনতা আৰু জাতি ব্যৱস্থাৰ বিষয় নেদেখাৰ ভাঁও ধৰাৰ লগতে অনুসূচীত জনজাতিক ভাগ ভাগ কৰিছে৷ আজিও এনে লোকে শৌচালয় আৰু লেতেৰা হাতেৰে চাফ কৰিব লগা হয়৷ দেখিও নেদেখাৰ ভাঁও ধৰি থকা হৈছে৷