ডিজিটেল ডেস্কঃ বৌদ্ধিক বিকাশৰ কেন্দ্ৰস্থল বুলি কোৱা বিশ্ববিদ্যালয়তে সন্ধিয়া সুৰক্ষিত নহয় নাৰী। লক্ষ্ণৌস্থিত বাবাচাহেব ভীমৰাও আম্বেদকাৰ বিশ্ববিদ্যালয়ৰ চৌহদত সন্ধিয়া ৬ বজাৰ পিছত মহিলাই প্ৰৱেশ কৰিব নোৱাৰিব।
এই নিৰ্দেশ জাৰী কৰিছে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। মূলতঃ সাম্প্ৰতিক ঘটনাৱলীৰ প্ৰতি লক্ষ্য ৰাখি বিশ্ববিদ্যালয়খনত মহিলাক সুৰক্ষিত কৰাৰ বাবেই এই পদক্ষেপ কৰ্তৃপক্ষই গ্ৰহণ কৰা বুলি কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনৰ মুখপাত্ৰ গোবিন্দ পাণ্ডেয়ে সদৰী কৰিছে।