newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সকলো ৰাজ্য গেৰুৱাকৰণ কৰিবলৈ সক্ষম নহলেও গুনী-জ্ঞানীৰ প্ৰতিমা গেৰুৱাকৰণ কৰি অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে বিজেপিয়ে৷ এনেধৰণৰ মন্তব্য কৰিছে বিএছ পি দলৰ এগৰাকী জ্যেষ্ঠ নেতাই৷ বিজেপিয়ে চাল-চক্ৰান্ত কৰি সৰ্বত্ৰে নিজৰ ৰাজত্ব বিস্তাৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷
২০১৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে দেশৰ সকলোবোৰ সম্পত্তিৰ ওপৰত দলৰ অধিকাৰ জমাব বিচাৰিছে বুলিও মাজে সময়ে চৰ্চা হৈ আহিছে৷