newsnextone.com | ডিজিটেল ডেস্কঃ দেশৰ সকলো ৰাজ্য গেৰুৱাকৰণ কৰিবলৈ সক্ষম নহলেও গুনী-জ্ঞানীৰ প্ৰতিমা গেৰুৱাকৰণ কৰি অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে বিজেপিয়ে৷ এনেধৰণৰ মন্তব্য কৰিছে বিএছ পি দলৰ এগৰাকী জ্যেষ্ঠ নেতাই৷ বিজেপিয়ে চাল-চক্ৰান্ত কৰি সৰ্বত্ৰে নিজৰ ৰাজত্ব বিস্তাৰ কৰাৰ চেষ্টা চলাইছে বুলি অভিযোগ উত্থাপিত হৈ আহিছে৷ 

২০১৪ চনত কেন্দ্ৰত চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপিয়ে দেশৰ সকলোবোৰ সম্পত্তিৰ ওপৰত দলৰ অধিকাৰ জমাব বিচাৰিছে বুলিও মাজে সময়ে চৰ্চা হৈ আহিছে৷ 

শেহতীয়াকৈ বিজেপিৰ এগৰাকী বিধায়কে কৰা এক কাণ্ডৰ ফলত বিজেপি পুনৰ এবাৰ বিৰোধীৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উত্তৰ প্ৰদেশৰ আম্বেদকাৰ জিলাৰ টান্দা সমষ্টিৰ বিজেপি বিধায়ক সঞ্জু দেৱীয়ে বাবা চাহেব ডা০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্ত্তিক গেৰুৱা বসন পিন্ধাই বিৰোধীৰ ৰোষত পৰে৷

জানিব পৰা মতে, বৃহস্পতিবাৰে টান্দা সমষ্টিৰ বিধায়ক সঞ্জু দেৱীয়ে কেইগৰাকীমান বিজেপি কৰ্মকৰ্তাৰ সহযোগত সমষ্টিটোৰ থিৰুৱাৰ সমীপৰ ডা০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমুৰ্ত্তিটো প্ৰথমে গাখীৰৰে স্নান কৰোৱাই৷ তাৰ পিছত ডা০ আম্বেদকাৰৰ প্ৰতিমুৰ্ত্তিক গেৰুৱা বসন পিন্ধায় আৰু কপালত চন্দনৰ ফোট দিয়ে৷

এই ঘটনাৰ পিছতে বিজেপি বিধায়কজনৰ কৰ্মকাণ্ডৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ জাহিৰ কৰে বিৰোধীয়ে৷ বিএছপিৰ প্ৰাক্তন সাংসদ ত্ৰিভূৱন দত্তই বিধায়কজনৰ এনে কাণ্ডক গৰিহণা দিয়ে৷ তেওঁ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে বিজেপিয়ে দেশৰ সকলো ৰাজ্য গেৰুৱাকৰণ কৰিবলৈ সক্ষম নহলেও গুনী-জ্ঞানীৰ প্ৰতিমা গেৰুৱাকৰণ কৰি অস্তিত্ব বজাই ৰাখিবলৈ চেষ্টা কৰিছে৷ 

আনহাতে বিএছপিৰ জ্যেষ্ঠ নেতা গৰাকীয়ে বিজেপিয়ে ডা০ আম্বেদকাৰৰ আদৰ্শৰে নচলে বুলিও দাবী কৰে৷ 

আনফালে বিধায়কজনৰ বিৰুদ্ধে উত্থাপিত অভিযোগ প্ৰত্যাখ্যান কৰি বিধায়ক সঞ্জু দেৱীয়ে কয় যে তেওঁ প্ৰধানমন্ত্ৰীৰ স্বচ্ছতা অভিযানৰ আধাৰত প্ৰথমে প্ৰতিমূৰ্ত্তিটো চাফ চিকুণ কৰে আৰু পিছত ডা০ আম্বেদকাৰৰ প্ৰতি সন্মান জনাই তেওঁৰ প্ৰতিমূৰ্ত্তিটো গাখীৰেৰে অভিষেক কৰা হয়৷

প্ৰতিমূৰ্ত্তিক গেৰুৱা বসন পিন্ধোৱাৰ বিষয়ে বিধায়কগৰাকীয়ে কয় যে গেৰুৱা ৰং ৰাজনীতিৰ সৈতে জড়িত নহয়৷ গেৰুৱা ৰং সাধাৰণ ৰং হিচাপেই তেওঁ ডা০ আম্বেদকাৰৰ প্ৰতিমূৰ্ত্তিক পিন্ধাইছিল বুলিও বিজেপি বিধায়কজনে মন্তব্য কৰে৷

উল্লেখ্য যে ইয়াৰ পূৰ্বেও বন্দায়ু জিলাত থকা ডা০ ভীমৰাও আম্বেদকাৰৰ প্ৰতিমূৰ্ত্তিত বিজেপিৰ কৰ্মকৰ্তাই গেৰুৱা ৰং সানিছিল৷ পিছত এই বিষয়ে সংবাদ মাধ্যমত তীব্ৰ বিতৰ্কৰ সৃষ্টি হোৱাত গেৰুৱা ৰং আতৰাই পুনৰ নীলা ৰং সনা হয়৷