newsnextone.com | গুৱাহাটীঃ ২২ জুন শুকুৰবাৰৰ পৰা শক্তিপীঠ কামাখ্যালৈ ভক্তৰ লানি নিচিগা সোত বোৱা পৰিলক্ষিত হৈছে৷ শুকুৰবাৰৰ পৰা আৰম্ভ হ’বলগীয়া অম্বুবাছী মেলাত দেৱী কামাখ্যাক দৰ্শৰনৰ বাবে দেশ বিদেশৰ পৰা অগণন ভক্তৰ সমাগম ঘটিছে৷
ইফালে অম্বুবাচী মেলাক লৈ তৎপৰ হৈ পৰিছে প্ৰশাসনো৷ মহানগৰীৰ ৫ স্থানত ভক্তৰ বাবে শিৱিৰ স্থাপন কৰাৰ লগতে খাদ্যৰ ব্যৱস্থা কৰা হৈছে৷ আনহাতে বয়োজ্যোষ্ঠ ভক্তৰ বাবে বিনামূলীয়া পৰিবহনৰ ব্যৱস্থা কৰিছে প্ৰশাসনে৷ মেলাৰ কালচোৱাত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’ব নোৱাৰে, তাৰ বাবে মহানগৰ প্ৰশাসনে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে৷