newsnextone.com | গুৱাহাটীঃ আজিৰে পৰা গুৱাহাটী মহনগৰীৰ নীলাচল পৰ্ব্বতত অৱস্থিত শক্তীপীঠ কামাখ্যাত আৰম্ভ হৈছে মহা অম্বুবাচী মেলা৷ ৪ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাত শক্তিপীঠ খনত দেৱী কামাখ্যাৰ চৰণ স্পৰ্শ কৰি দুখ-দুৰ্দশা উপশম কৰিবলৈ উপস্থিত হৈছে দেশ বিদেশৰ অগণন ভক্ত৷ আজিৰে পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ সামৰণি পৰিব অহা ২৬ জুনত৷

শুকুৰবাৰে নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত অম্বুবাচী মেলাৰ প্ৰবৃত্তি হ’ব৷ আনহাতে মা কামাখ্যাৰ মূল দ্বাৰ বন্ধ হৈছে বিয়লি ৪ বজাত৷ ২৬ জুন পৰ্যন্ত কামাখ্যাৰ মূল দুৱাৰ বন্ধ থাকিব৷ ২৬ জুনৰ পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত অম্বুবাচী মেলাৰ নিবৃত্তি হোৱাৰ পিছত বিয়লি ৪.৩০ বজাত ভক্তৰ বাবে পুনৰ মন্দিৰৰ দ্বাৰ মুকলি কৰা হ’ব৷

ইফালে, ৪ দিনীয়া অম্বুবাচী মেলা উপলক্ষে সষ্টম হৈ পৰিছে অসম চৰকাৰ আৰু কামৰূপ মহানগৰ প্ৰশাসন৷ অম্বুবাচী মেলা উপলক্ষে দেশ বিদেশৰ পৰা অহা অগণন ভক্তই যাতে কোনো অসুবিধাত নপৰে, তাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে প্ৰশাসনে৷ 

ভক্তৰ থকা-খোৱাৰ বাবে প্ৰশাসনে মালিগাঁওৰ কামাখ্যা ৰে’লৱে ষ্টেচন, পাণ্ডুৰ পুৰণা ৰে’লৱে ষ্টেচন, মাছখোৱাৰ পুৰণা জেল চৌহদ, কামাখ্যৰ সমীপৱৰ্তী নাহৰবাৰী খেলপথাৰ আৰু বৰিপাৰা স্কুল খেলপথাৰত শিৱিৰ স্থাপন কৰিছে৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে বৃহস্পতিবাৰে সন্ধিয়া সোণাৰাম হাইস্কুল খেলপথাৰত আনুষ্ঠানিকভাৱে অম্বুবাচী মেলাৰ শুভ উদ্বোধন কৰে৷ উদ্বোধন অনুষ্ঠানত ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰীৰ লগতে দেশৰ কেইবাগৰাকীও সাধু, আধ্যাত্মিক গুৰু উপস্থিত থাকে৷

ইফালে, অম্বুবাচী মেলাৰ সময়ত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, তাক লৈও সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে৷ মন্দিৰ চৌহদত কেইবাটাও চিচিটিভি সংযোগ কৰি ভক্তসকলৰ ওপৰত নজৰ ৰখা হৈছে৷ 

উল্লেখ্য যে, যোৱা বৰ্ষৰ অম্বুবাচী মেলাত প্ৰায় ২৫ লক্ষাধিক দেশী বিদেশী ভক্তৰ সমাগম ঘটিছিল৷ এইবাৰ অম্বুবাচীৰ কালত ততোধিক ভক্তৰ সমাগমৰ আশা প্ৰকাশ কৰিছে মন্দিৰ পৰিচালনা সমিতি আৰু ৰাজ্য প্ৰশাসনে৷ ভক্ত আৰু সাধু-সন্যাসীসকলে যাতে সকলো সুবিধা লাভ কৰিব পাৰে, তাৰ প্ৰতি তীক্ষ্ন নজৰ ৰখা হৈছে৷

উল্লেখ্য যে, দেৱী মাৰ শক্তিৰ ওপৰত যি সকল লোকে বিশ্বাস কৰে, তেওঁলোকে কামৰূপ জিলাৰ নীলাচল পৰ্ব্বতত অৱস্থিত শক্তিপীঠ কামাখ্যাৰ দৰ্শন কৰি ধন্য হয়৷ দেৱী কামাখ্যাৰ চৰণ স্পৰ্শ কৰিব পালে জীৱনৰ সকলো দুখ-দুৰ্দশা নাশ হয় বুলি ভক্ত সকলে বিশ্বাস কৰে৷

ভাৰতৰ পূবপ্ৰান্তৰ পূৰ্বৰ কামৰূপৰ নীলাচল পৰ্ব্বতত সমুদ্ৰ পৃষ্ঠৰ পৰা প্ৰায় ৮০০ ফুট উচ্চতাত অৱস্থিত মা কামাখ্যা শক্তিপীঠ৷ দেৱীৰ সমগ্ৰ দেশ জুৰি থকা ৫১ খন শক্তিপীঠৰ ভিতৰত কামাখ্যা শক্তিপীঠ অন্যতম৷ ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান বিষ্ণুই চক্ৰেৰে যেতিয়া দেৱী সতীৰ দেহ টুকুৰা টুকুৰকৈ কাটিছিল, তেতিয়া নীলাচল পৰ্ব্বতৰ এই স্থানতে দেৱীৰ যোনী অংশ পৰি যায়৷ যাৰ ফলত তাত কামাখ্যা শক্তিপীঠ গঢ় লৈ উঠে৷

এই বিশ্বাসৰ কাৰনেই আজিও কামাখ্যা ধামত দেৱীৰ যোনী পুজা কৰা হয়৷ প্ৰত্যেক বৰ্ষত তিনি দিনৰ বাবে মন্দিৰ সম্পূৰ্ণ ৰুপে বন্ধ হৈ পৰে৷ বিশ্বাস অনুসৰি, সেই সময়ত দেৱী কামাখ্যা ৰাজস্বলা হয় আৰু দেৱীৰ শৰীৰৰ পৰা তেজ নিৰ্গত হয়৷ এই সময়ত শক্তিপীঠ খনৰ আধ্যাত্মিক শক্তি বৃদ্ধি হয় বুলিও ভক্তই বিশ্বাস কৰে৷ যাৰ ফলত দেশৰ বিভিন্ন প্ৰান্ত্ৰৰ পৰা সাধু, সন্যাসী, তান্ত্ৰিকসকল আহি এই সময়ত কামাখ্যাৰ আশে পাশে সাধনাত ব্ৰতী হয়৷

আনহাতে, দেৱী কামাখ্যাৰ ৰাজস্বলাৰ অন্তত চতুৰ্থ দিনা পুনৰ ভক্তৰ বাবে কামাখ্যাৰ দ্বাৰ মুকলি হৈ পৰে৷ দেৱী কামাখ্যাই ৰাজস্বলাৰ সময়ত পৰিধান কৰা ৰঙা কাপোৰক দিব্য প্ৰসাদ হিচাপে বিশ্বাস কৰি ভক্তই সেয়া লাভ কৰিবৰ বাবে মন্দিৰৰ দুৱাৰমুখত ভিৰ কৰে৷ ধৰ্মীয় বিশ্বাস অনুসৰি ৰঙা কাপোৰৰ টুকুৰা যিয়ে লাভ কৰে, তেওঁৰ সকলো দুখ-দুৰ্দশা আধা বাধা-বিঘিনি নাশ হয়৷