newsnextone.com | গুৱাহাটীঃ আজিৰে পৰা গুৱাহাটী মহনগৰীৰ নীলাচল পৰ্ব্বতত অৱস্থিত শক্তীপীঠ কামাখ্যাত আৰম্ভ হৈছে মহা অম্বুবাচী মেলা৷ ৪ দিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই মেলাত শক্তিপীঠ খনত দেৱী কামাখ্যাৰ চৰণ স্পৰ্শ কৰি দুখ-দুৰ্দশা উপশম কৰিবলৈ উপস্থিত হৈছে দেশ বিদেশৰ অগণন ভক্ত৷ আজিৰে পৰা আৰম্ভ হোৱা অম্বুবাচী মেলাৰ সামৰণি পৰিব অহা ২৬ জুনত৷
শুকুৰবাৰে নিশা ৯ বাজি ২৭ মিনিট ৫৪ ছেকেণ্ডত অম্বুবাচী মেলাৰ প্ৰবৃত্তি হ’ব৷ আনহাতে মা কামাখ্যাৰ মূল দ্বাৰ বন্ধ হৈছে বিয়লি ৪ বজাত৷ ২৬ জুন পৰ্যন্ত কামাখ্যাৰ মূল দুৱাৰ বন্ধ থাকিব৷ ২৬ জুনৰ পুৱা ৭ বাজি ৫১ মিনিট ৫৮ ছেকেণ্ডত অম্বুবাচী মেলাৰ নিবৃত্তি হোৱাৰ পিছত বিয়লি ৪.৩০ বজাত ভক্তৰ বাবে পুনৰ মন্দিৰৰ দ্বাৰ মুকলি কৰা হ’ব৷