newsnextone.com | ডিজিটেল ডেস্কঃ আমেৰিকাত ক্ৰমাত বৃদ্ধি পাইছে বিদ্বেষজনিত হিংসা৷ পুনৰ দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হ’ল ভাৰতীয় মূলৰ লোক৷ শুকুৰবাৰে সংঘটিত হয় এই ঘটনা৷ আমেৰিকাত পুনৰ এগৰাকী ভাৰতীয় ছাত্ৰক গুলীয়াই হত্যা কৰে বন্দুকধাৰীয়ে৷ শুকুৰবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন ৰেষ্টুৰেণ্টত তেলেংগানাৰ বাসিন্তা তথা আমেৰিকা মিচৌৰি বিশ্ববিদ্যালয়ৰ ছাত্ৰ শৰৎ কোপ্পুক গুলীয়াই হত্যা কৰে৷

জানিব পৰা মতে, আমেৰিকাৰ সময় মতে শুকুৰবাৰে সন্ধিয়া প্ৰায় ৭ বজাত কেনচাচৰ এখন ৰেষ্টুৰেণ্টত হঠাৎ গুলীৰ শব্দ ওলায়৷ কিছু সময় পিছতে কেনচাচ আৰক্ষী উপস্থিত হৈ ভাৰতীয় ছাত্ৰজনৰ ৰক্তাক্ত গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ কৰে৷ চিকিৎসালয়ত নিয়া হৈছিল যদিও চিকিৎসকে পূৰ্বেই মৃত্যু হোৱা বুলি ঘোষণা কৰে৷

প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক জনোৱা মতে, এজন লোকে ছাত্ৰজনক লক্ষ্য কৰি ৫ জাই গুলীবৰ্ষণ কৰি তাৰ পৰা পলায়ন কৰে৷ এতিয়ালৈ কোনো লোকক আটক কৰিব পৰা নাই আৰক্ষীয়ে৷ ভাৰতীয় ছাত্ৰজনে উচ্চ শিক্ষাগ্ৰহণ কৰিবৰ বাবে আমেৰিকালৈ গৈছিল৷ এই খবৰ ভাৰতত থকা পৰিয়ালে লাভ কৰি শোকত ভাগি পৰে৷ মৃতদেহ আনিবৰ বাবে চৰকাৰৰ সহায় বিচাৰে শৰৎ কাপ্পুৰ পৰিয়ালে৷ সন্দেহ কৰা মতে বিদ্বেষ জনিত হ’ব পাৰে এই হত্যাকাণ্ড৷