আমগুৰিঃ আমগুৰিৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ ভদীয়াঘাটত শুকুৰবাৰে পুৱাই উদ্ধাৰ হৈছে গো-মাংসসহ এখন চাৰিচকীয়া বাহন। পুৱাই স্থানীয় ৰাইজে সেই ঠাইত এখন বাহন সন্দেহজনক অৱস্থাত দেখা পাই বাহনখনৰ কাষ চপাত বাহনখনত থকা তিনিজন আৰোহীয়ে গাড়ীৰ পৰা দুটাকৈ বেগ মিতং নদীত পেলাই পলায়ন কৰে। স্থানীয় ৰাইজে নদীৰপৰা বেগ দুটা উঠাই আনি বেগৰ ভিতৰত উদ্ধাৰ কৰে গো-মাংস। 

অভিযোগ অনুসৰি গৌৰীসাগৰ থানা এলেকাৰ অন্তৰ্গত খনামুখ, দিখৌমুখ, ভদীয়াঘাটকে ধৰি এক বৃহত্তৰ অঞ্চলত গৰু চোৰে উপদ্ৰৱ চলাই আহিছে। প্ৰতক্ষ্যদৰ্শীৰ ভাষ্য অনুসৰি বাহনখনৰপৰা পলায়ন কৰা চোৰকেইটা হ'ল ভোটাং আলি, কণভাই আলি আৰু শ্বহিদুৰ আলি। 

উল্লেখযোগ্য যে, গৌৰীসাগৰ থানাৰ অন্তৰ্গত বিভিন্ন স্থানত গৰু চোৰে দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহাৰ অভিযোগ থকাৰ পাছতো আৰক্ষীৰ ভূমিকা সম্পূৰ্ণ নিৰৱ। ইতিমধ্য গৌৰীসাগৰ আৰক্ষীয়ে  AS 03 H 4114 নম্বৰৰ বাহন সহ গো-মাংস খিনি জব্দ কৰিছে।