আমগুৰিঃ চুবুৰীয়া যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে সমগ্ৰ ৰাজ্যজুৰি অবৈধ সুৰা-কাণ্ডত ডেৰশতাধিক সুৰাপায়ীৰ অকাল মৃত্যুৰ পাছত চৌদিশে এতিয়া প্ৰতিবাদৰ জোৱাৰ উঠা দেখা গৈছে।
যোৰহাট আৰু গোলাঘাট-কাণ্ডৰ পাছত সমগ্ৰ ৰাজ্যতে চৰকাৰী পৃষ্ঠপোষকতাত চুলাই বন্ধ হোৱাৰ সময়তেই শিৱসাগৰ জিলাৰ আমগুৰিত ৰজাঘৰীয়া বদান্যতাত তথা আবকাৰী বিভাগৰ ছত্ৰছায়াতে চুলাইৰ ৰমৰমীয়া বেহা চলি থকাৰ অভিযোগত সোমবাৰে আমগুৰিত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থানীয় আবকাৰী কাৰ্যালয় ঘেৰাও কৰাৰ লগতে আবকাৰী মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ প্ৰতিকৃৰ্তি দাহ কৰে।